শিলচৰৰ পৰা আব্দুল আলিম চৌধুৰীৰ প্রতিবেদন :
বৰাক উপত্যকাৰ কাছাৰ জিলাৰ শিলচৰৰ পৰা চেপ্তেম্বৰ মাহত হঠাৎ নিখোজ হৈছে দুটা কনমাণিসহ কালাইনৰ ২৫ বছৰীয়া এজনী বোৱাৰী।নিখোজ বোৱাৰীজনীৰ নাম মুক্তা দাস আৰু তেওঁৰ স্বামী হ'ল কাছাৰৰ কালাইন (চলিগ্ৰাম)গাঁৱৰ সনকু দাস বুলি জানিব পৰা গৈছে।উল্লেখ্য যে ,১০/১২ বছৰ আগতে কাটিগৰাৰ শান্তিপুৰ গাঁওৰ মুক্তাৰ সামাজিক বিয়া হৈছিল কালাইনৰ চলিগ্ৰাম গাঁৱৰ সনকুৰ লগত। বিয়াৰ কেইবছৰ মানৰ ভিতৰত জন্ম হ'ল দুটা কনমাণি। ডাঙৰ শিশুটোৰ বয়স ৬ বছৰ আৰু সৰু শিশুটোৰ বয়স প্ৰায় ২ বছৰ।বিয়াৰ পিছৰ কেইটামান বছৰ ঠিকেই অতিবাহিত হ'ল যদিও যোৱা ১৪/১৫ দিন আগতেই সনকুৰ সুখৰ সংসাৰত নামি আহিল আন্ধাৰ। সৰু শিশু দুটাক লগত লৈ হঠাৎ অন্তৰ্ধান হ'ল মুক্তা দাস। মেহেৰপূৰত থকা তেওঁৰ সৰু ভণ্টি শুক্লা দাসৰ ঘৰৰ পৰা ওলাই আৰু পতিগৃহলৈ উভতি নাহিল তেওঁ। ইয়াৰ পিছতেই তেওঁক বিচাৰি দিকবিদিক হেৰুৱাই পেলাইছে সনকু আৰু তেওঁৰ বৃদ্ধ মাকে।কেইটামান দিন আগতে কালাইন আৰক্ষী চকীত অসহায় সনকু দাসে নিখোজ সম্পৰ্কীয় এটা গোচৰ ৰুজু কৰিছে যদিও এতিয়াও আৰক্ষীয়ে পোৱা নাই নিখোজ মুক্তাৰ একো সন্ধান। বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত সনকুয়ে তুলি ধৰে সমগ্ৰ ঘটনা প্ৰবাহ।সনকু আৰু তেওঁৰ পৰিয়ালৰ মতে, ঘটনাৰ পিছত তেওঁৰ(সনকুৰ) শহুৰেক কাটিগৰা শান্তিপুৰ নিবাসী ভোলাই দাসৰ ভূমিকাও সন্দেহৰ আবৰ্তত বুলি ব্যক্ত কৰে । ক'ত হেৰাল কালাইনৰ বোৱাৰী মুক্তা? কাৰোবাৰ প্ৰেমৰ ছলনাত পৰি অন্তৰ্ধান হ'ল নেকি মুক্তা? এনে বহু প্ৰশ্নই এতিয়া উখাপিত হৈছে কালাইন-কাটিগৰাত। ইফালে কোনোৱে় মুক্তাৰ সন্ধান পালে কাটিগৰা মহিলা সুৰক্ষা সমিতিৰ সভানেত্ৰী জমিলা বেগমৰ এইটো- ৯৪৩৫২০১৪৪৯ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।
- Log in to post comments
- 29 views