মাজুলীৰ বানদুৰ্গতলৈ সাহাৰ্য্য সামগ্ৰী আগবঢ়ালে তামিলনাডুৰ ৰ'টাৰী ক্লাৱে

majuli

মাজুলীৰ পৰা ৰাজীৱ পাতিৰৰ প্রতিবেদন :

তামিলনাডুৰ চেন্নাইৰ গুইণ্ডী ৰ'টাৰী ক্লাৱে বৃহস্পতিবাৰে মাজুলীৰ ভকতচাপৰিত শেহতীয়া বানত ক্ষতিগ্ৰস্ত ১১০ টা পৰিয়ালৰ মাজত সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰে। তামিলনাডুৰ ৰাজধানী মহানগৰৰ এই ৰ'টাৰী ক্লাৱৰ শাখাটোৱে ৰেল যোগে অসমলৈ আনি এই সাহাৰ্য্য সামগ্ৰীসমূহ আজি মাজুলী জিলা প্ৰশাসন আৰু ৰ'টাৰী ক্লাৱৰ ডিব্ৰুগড় আৰু যোৰহাট জিলা শাখাৰ সহযোগত ভকতচাপৰিৰ মদাৰগুৰিত আয়োজিত এক অনুষ্ঠানত বান বিধ্বস্ত পৰিয়ালসমূহক প্ৰদান কৰে। মাজুলীৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (ডিডিএমএ)ৰ অধ্যক্ষ দেৱপ্ৰসাদ মিশ্ৰ, অতিৰিক্ত উপায়ুক্ত তথা ডিডিএমএৰ মুখ্য কাৰ্যবাহী বিষয়া চিন্ময় নাথ, গুইণ্ডী ৰ'টাৰী ক্লাৱৰ অধ্যক্ষ শিৱৰমণ আৰু শীৰ্ষ বিষয়ববীয়া সতীশ, মাজুলীৰ ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা, সংলগ্ন চক্ৰ বিষয়া ডাঃ অনামিকা গগৈ, ৰ'টাৰী ক্লাৱৰ ডিব্ৰুগড়ৰ অধ্যক্ষা কল্পনা খাউণ্ড, সভাপতি সমীৰ কুমাৰ টুডী, ডিব্ৰুগড় আৰু যোৰহাটৰ ৰ'টাৰীয়ান ড০ কল্যাণ খাউন্দ, ৰাজকুমাৰ টুডী, প্ৰতুল বৰুৱা, প্ৰণৱ বৰা, ছৈয়দ কৰিমূল হ'ক, বসন্ত সুমানী, জয়ন্ত নাথ আৰু তপন বৰদলৈয়ে ডকতচাপৰিৰ এই সাহাৰ্য্য বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি ১১০টা বানদুৰ্গত পৰিয়ালক সাহাৰ্য্য সামগ্ৰী প্ৰদান কৰে। প্ৰতিটো পৰিয়ালকে এখনকৈ তিৰপাল, বিচনা চাদৰ, এটাকৈ স্টোভ, টৰ্চ লাইট, ছাটি, একোটিকৈ ডাইলৰ পেকেট, বিস্কুট, টুথপেষ্ট আদিকে ধৰি মুঠ ১২টাকৈ সামগ্ৰীৰ সাহাৰ্য টোপোলা অৰ্পণ কৰা হয়।majuli2

সুদুৰ তামিলনাডুৰ এই ৰ'টাৰী ক্লাৱটোৱে মাজুলীৰ বান-ক্ষতিগ্ৰস্ত ৰাইজৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি এনেদৰে বৃহৎ পৰিমাণৰ সাহাৰ্য সামগ্ৰী ৰেলযোগে জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰা কাৰ্যক উচ্চ প্ৰশংসা কৰে মাজুলীৰ উপায়ুক্ত মিশ্ৰই। জিলাধিপতিগৰাকীৰ লগতে ডিডিএমএৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত নাথে গুইণ্ডী ৰ'টাৰী ক্লাৱক মাজুলী জিলা প্ৰশাসন আৰু মাজুলীবাসীৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনায়।এই বান ক্ষতিগ্ৰস্তলৈ সাহাৰ্য্য বিতৰণ অনুষ্ঠানত জিলা দুৰ্যোগ প্ৰশমনৰ ক্ষেত্ৰ বিষয়া পাপৰি বৰুৱাৰ লগতে স্থানীয় গাঁওবুঢ়া, লাট মণ্ডল আৰু অঞ্চলবাসী ৰাইজ উপস্থিত থাকে।

Your Comments