মাজুলীত সত্ৰাধিকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাত প্ৰতিবাদমুখৰ হিন্দু ক্ৰান্তি দলৰ নলবাৰী জিলা সমিতি

Hindu

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

মাজুলীৰ এগৰাকী সত্ৰাধিকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাত প্ৰতিবাদমুখৰ হৈ পৰিছে হিন্দু ক্ৰান্তি দল,অসমৰ নলবাৰী জিলা সমিতি। বৃহস্পতিবাৰে বিয়লি নলবাৰী জিলা প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত দলৰ সংযোজক নিৰ্মল ৰাজবংশীয়ে কয় যে সত্ৰনগৰী মাজুলীৰ সাতামপুৰুষীয়া ধৰ্মীয় ঐতিহ্য,পৰম্পৰা, সমন্বয় আৰু একতাৰ বান্ধোন ছিঙি ধৰ্মীয় উত্তেজনা সৃষ্টিৰ লগতে বিশ্ব ঐতিহ্যক্ষেত্ৰৰ পৰিবৱেশ বিনষ্ট কৰাৰ বাবে গভীৰ ষড়যন্ত্ৰ চলিছে।এই ষড়যন্ত্ৰৰ অংশ হিচাপে এগৰাকী সত্ৰাধিকাৰক লক্ষ্য কৰি লোৱা হৈছে। উল্লেখ্য যে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীক এজন খ্ৰীষ্টান যুৱক প্ৰশান্ত পায়েঙৰ ৩৫/২০১৯ গোচৰৰ ভিত্তিত যোৱা ১১ ছেপ্টেম্বৰত আদালতত হাজিৰ কৰোৱা হয়। কোটিটকীয়া সম্পত্তি বিনষ্ট কৰা আৰু সহজ-সৰল লোকক ধৰ্মান্তৰকৰণৰ যোগেদি স্বকীয় কলা- সংস্কৃতি বিলুপ্ত কৰাৰ প্ৰতিবাদ কৰাৰ বাবেই অতি পৰিকল্পিতভাবে সত্ৰাধিকাৰগৰাকী আদালতত হাজিৰ হ'বলগীয়া অৱস্থাৰ সৃষ্টি কৰা হৈছে বুলি সংবাদমেলত অভিযোগ কৰা হয়।হিন্দু ক্ৰান্তি দলৰ সংযোজকজনে কয় যে স্বয়ং মুখ্যমন্ত্ৰীৰ সমষ্টিতে যদি ঐতিহ্যপীঠৰ গুৰি ধৰোঁতাসকল অপমানিত হ'বলগীয়া হয়,সেয়া অতিশয় দুৰ্ভাগ্যজনক আৰু 
ইয়াক প্ৰতিহত কৰিবলৈ হিন্দু ক্ৰান্তি দলে দাবী জনাইছে।লগতে,২০০৬ চনৰ সাংস্কৃতিক দৃশ্যপট আইন গৃহীত কৰি মাজুলীক সাংস্কৃতিকভাৱে সুৰক্ষিত কৰা, সত্ৰসমূহৰ মাটি অবৈধ দখলমুক্ত কৰা, অহা বিধানসভাৰ অধিৱেশনত মাজুলী সন্দৰ্ভত বিশেষ আইন প্ৰণয়নৰ জৰিয়তে একক বৈষ্ণৱ পীঠৰূপে গঢ়ি তুলিবলৈও দাবী জনোৱা হয়।

Your Comments