ৰাজ্যত পুনৰ অনুষ্ঠিত হ'ব টেট পৰীক্ষা। কিন্তু এই টেট পৰীক্ষাক কোনো কাৰণতে মানি নলয় সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজে। সেয়েহে শুকুৰবাৰে মহানগৰীৰ ছাত্ৰীবাৰীস্থিত গুৱাহাটী প্ৰাথমিক শিক্ষা খণ্ড কাৰ্যালয়ত কামৰূপ জিলাৰ গুৱাহাটী প্ৰাথমিক শিক্ষাখণ্ডত কৰ্মৰত শিক্ষক সমাজে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।
তেওঁলোকৰে মূল দাবী হ'ল ঠিকাভিত্তিক কৰ্মৰত প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষকৰ চাকৰি বিনাচৰ্তে বেতনৰ সুৰক্ষাসহ নিয়মীয়াকৰণ কৰক।
ধৰ্মঘটকাৰীসকলে সাংবাদিকক কয়-'আমি এনেদৰে অৱস্থান ধৰ্মঘট কৰিব বিচৰা নাছিলোঁ।কিন্তু আমাক এনেকুৱা কৰিবলৈ শিক্ষামন্ত্ৰীয়ে বাধ্য কৰাইছে।এটা কথা স্পষ্ট যে ৰাজ্য চৰকাৰে টেট পাতিবলগীয়া বিষয়টো ২০২১ চনৰ নিৰ্বাচনৰ ইস্তাহাৰৰ এটা অংশ হ'ব আৰু সেইটো নিৰ্বাচনৰ অংশ হিচাপে ব্যৱহাৰ কৰিবলৈ তেওঁলোকে এতিয়াৰ পৰাই ষড়যন্ত্ৰ কৰিছে।'
'টেট উৰ্ত্তীণ হৈ যিসকল ঠিকাভিত্তিক শিক্ষকহিচাপে নিযুক্ত হৈ আছে,সেই শিক্ষকসকলৰ নিৰাপত্তা নিশ্চিত নকৰাকৈ আৰু এটা বোজা ৰাজ্য চৰকাৰে নিযুক্তিকালীন প্ৰক্ৰিয়াৰে লৈ যাব আৰু তাৰ পিছত ৰাজ্যত আকৌ এটা অস্থিৰ পৰিৱেশৰ সৃষ্টি হ'ব,সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়'-টেট শিক্ষকসকলে মন্তব্য কৰে।
তেওঁলোকে আৰু কয়-'ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাটোৰ এটা টনকিয়াল ভেটি স্থাপনৰ কাৰণে চৰকাৰে এটা দৃষ্টান্ত ৰাখি যাওক। ৰাজ্যখনৰ প্ৰাথমিক শিক্ষাত কেইটামান সৰু সৰু সমস্যা আছে। যিকেইটা সমস্যা ৰাজ্য চৰকাৰে ইচ্ছা কৰিলে এক ঘণ্টাৰ ভিতৰত কেবিনেট বৈঠক এখনৰ যোগে সমাধান কৰিব পাৰে। কিন্তু এই সমস্যা সমূহক সমাধান নকৰি তেওঁলোকে ইয়াক নিৰ্বাচনী ৰাজনীতি হিচাপে ব্যৱহাৰ কৰিছে।প্ৰতি বছৰে ইয়াক নিৰ্বাচনী ইছ্যু হিচাপে ৰাখিব বিচাৰিছে।'
টেট শিক্ষকসকলে বিষয়টোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ বিচৰাৰ লগতে শিক্ষামন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে।
- Log in to post comments
- 57 views