শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নৰ্তন কলা নিকেতনৰ ৩৩ সংখ্যক সত্ৰীয়া নৃত্য সম্ভাৰ অনুষ্ঠান সম্পন্ন

sankar

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা

গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সত্ৰীয়া নৃত্যৰ (পৰিবেশ্য কলাৰ) অগ্ৰনী অনুষ্ঠান নৰ্তন কলা নিকেতনৰ উদ্যোগত ২০১৯ বৰ্ষৰ ৩৩ সংখ্যক সত্ৰীয়া নৃত্য সম্ভাৰৰ অনুষ্ঠান যোৱা ৪ চেপ্তেম্বৰৰ সন্ধিয়া ৫ বজাৰ পৰা উদযাপন কৰে। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পৰ্যটন, ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা সম্প্ৰদায় কল্যাণ বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই ভাষণ প্ৰসংগত কয়- 'সত্ৰীয়া নৃত্যৰ লগতে অসমৰ কলা-সংস্কৃতিৰ বিভিন্ন অনুষ্ঠানত নৱপ্ৰজন্মই অংশগ্ৰহণ কৰিলেহে অসমৰ কলা-সংস্কৃতি জীয়াই থাকিব'। নিকেতনৰ হৈ নৃত্য পৰিচালনাত বিশেষভাৱে সহায়-সহযোগ কৰে সত্ৰীয়া নৃত্য বিশাৰদ ৰামকৃষ্ণ তালুকদাৰ আৰু ৰুমী তালুকদাৰে। লগতে সহযোগী পৰিচালক হিচাপে সহায়-সহযোগ কৰে গীতাশ্ৰী দাস,  কস্তুৰী কাশ্যপ,  অংকুৰিকা চলিহা,  শিৱাংগী ৰত্না বৰুৱাই। এই বিশেষ অনুষ্ঠানত মুখ্য আকৰ্ষণ হিচাপে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ, অভিমন্যু বধ,  দেৱদাসী নৃত্যৰ লগতে ১৫ টা ভিন্ন নৃত্যানুষ্ঠানে দৰ্শকক পুলকিত কৰে।

Your Comments