মৰিগাঁৱত বিদেশী ন্যায়াধীকৰণে বিদেশী  ঘোষণা কৰা লোকৰ নাম এন আৰ চিত অন্তৰ্ভূক্তিক লৈ চাঞ্চল্য

marigaon

মৰিগাঁওৰ পৰা জিতুমনি নাথৰ প্রতিবেদন :

চাৰি দশকজোৰা আন্দোলনৰ অন্তত প্ৰকাশ পোৱা চুড়ান্ত এন আৰ চিয়ে অসমৰ খিলঞ্জীয়া লোকক আশাহত কৰাৰ সময়তে বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা লোকৰ নামো চুড়ান্ত এন আৰ চি তালিকাত অন্তৰ্ভুক্ত হোৱাক লৈ সৃষ্টি হৈছে  ব্যাপক চাঞ্চল্যৰ।এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ মিকিৰভেটাত। উল্লেখ্য যে মৰিগাঁও জিলাৰ মিকিৰভেটাৰ থানাৰ অন্তৰ্গত মিকিৰভেটা গাঁৱৰ জাবেদা বেগমৰ পৰিয়ালটোক মৰিগাঁও ৩ নং বিদেশী ন্যায়াধীকৰণে ২০১৬  চনতে বিদেশী বুলি ঘোষণা কৰিছিল। মৰিগাঁও ৩ নং বিদেশী ন্যায়াধীকৰণত ০৬/২০১৬  নং গোচৰৰ ভিত্তিত ন্যায়াধীকৰণে বিদেশী বুলি ঘোষনা কৰা পৰিয়ালটোৰ জাবেদা বেগমৰ পুত্ৰ গিয়াছউদ্দিন আলী বৰ্তমানে ডিটেনচন কেম্পত বন্দী হৈ আছে। কিন্তু সদ্য প্ৰকাশিত এন আৰ চি চুড়ান্ত তালিকাত গিয়াছউদ্দিন আলীৰ বিপৰীতে জাবেদা বেগমৰ পৰিয়ালৰ আটাইৰে নাম অন্তৰ্ভুক্ত হয়। ইতিমধ্যে ৰাজ্যৰ সকলো দল সংগঠনে এন আৰ চি চুড়ান্ত তালিকাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি অহাৰ সময়তে বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰা লোকৰ নাম অন্তৰ্ভুক্ত হোৱাত এন আৰ চি চুড়ান্ত প্ৰক্ৰিয়াটো ক্ৰটিযুক্ত হোৱাৰ সম্ভাৱনাই বিৰাজ কৰা বুলি এতিয়া বিভিন্ন মহলে মতপোষণ কৰিছে।

Your Comments