বঙাইগাঁও জিলাৰ নাচনকুৰিত এন আৰ চিক কেন্দ্ৰ কৰি বৃদ্ধাৰ আত্মহত্যাৰ সন্দেহ

bgn

বঙাইগাঁওঃ 

যোৱা ৩১ আগষ্টত প্ৰকাশিত এন আৰ চিৰ তালিকাত নাম সন্নিবিষ্ট নোহোৱাত বঙাইগাঁও জিলাৰ গৰাইমাৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত নাছনকুৰিত এক শোকাৱহ ঘটনা সংঘটিত হৈছে ৷ শেহতীয়াকৈ প্ৰকাশিত এন আৰ চিৰ তালিকাত জিলাখনৰ ৩ নং নাচনকুৰিৰ ৰহিমন খাতুন নামৰ ৬৫ বছৰীয়া বৃদ্ধা এগৰাকীৰ নাম অন্তৰ্ভূক্ত নোহোৱাত বৃদ্ধা গৰাকী মানসিকভাৱে ভাঙি পৰে ৷ কালি নিশাৰ পৰা বৃদ্ধা গৰাকী সন্ধানহীন হয় ৷ নিশাৰ পৰা পৰিয়ালৰ লোকে  বৃদ্ধা গৰাকীক বিচাৰ খোছাৰ কৰাৰ পাছত আজি ঘৰৰ ওচৰতে থকা দ' পানীৰ খাৱৈত  মৃতদেহ উদ্ধাৰ হয় ৷ বৃদ্ধা গৰাকীয়ে আত্মহত্যা কৰা বুলি  সন্দেহ কৰা হৈছে ৷  উল্লেখ্য যে প্ৰকাশিত এন আৰ চিৰ তালিকাত বৃদ্ধা গৰাকীৰ নাম ৰহিমন খাতুনৰ সলনি অহিমন বেৱা (Ohiman Bewa)  হোৱাত এন আৰ চিৰ পৰা নামটো কৰ্তন কৰিছিল বিভাগীয় কৰ্তৃপক্ষই ৷ এনে অৱস্থাত বৃদ্ধা গৰাকী মানসিকভাৱে ভাঙি পৰি আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে ৷ আনহাতে নিৰক্ষৰ লোকৰ মাজত এন আৰ চি সম্পৰ্কীয় সজাগতাৰ অভাৱৰ বাবেই এই আত্মহত্যাৰ ঘটনা সংঘটিত হোৱা বুলি মত ব্যক্ত কৰিছে সচেতন মহলে ৷

ইপিনে বৃদ্ধা গৰাকীৰ আত্মহত্যা সম্পৰ্কত বঙাইগাঁও আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি এন আৰ চি সন্দৰ্ভত মৃত্যু হোৱা নাই বুলি প্ৰকাশ কৰিছে ৷ মানসিকভাৱে অসুস্থ মহিলা গৰাকীয়ে পূৰ্বে দুবাৰকৈ আত্মহননৰ প্ৰচেষ্টা চলাইছিল বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

Your Comments