নলবাৰী সত্ৰ শিৱ মন্দিৰৰ গণেশ পূজা লোকে লোকাৰণ্য

nlb

নলবাৰীৰ পৰা হেমন্ত কলিতা

নলবাৰীৰ সত্ৰ শিৱ মন্দিৰ প্ৰাংগনত গণেশ চতুৰ্থী উপলক্ষে এইবেলি এক আৰু দুই ছেপ্টেম্বৰত দুদিনীয়াকৈ আয়োজিত সপ্তম বাৰ্ষিক গণেশ পূজা আজি শ শ ভক্তৰে লোকাৰণ্য হৈ পৰে আৰু ভক্ত সকলে পূজা- অৰ্চনা দিয়ে। পূজাৰ কাৰ্যসূচী মতে এক ছেপ্টেম্বৰৰ পুৱা চাফাই অভিযান, সন্ধিয়া প্ৰতিমা স্থাপন আৰু আয়তীৰ নাম-প্ৰসঙ্গ অনুষ্ঠিত কৰা হয়।দুই ছেপ্টেম্বৰৰ পুৱা ৮-৩০ বজাত সত্ৰ শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি ৰমেশ হালৈয়ে শিৱ মন্দিৰৰ ধৰ্ম ধ্বজা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ৯ বজাত পূজা পৰিচালনা সমিতিৰ সভাপতি মহেশ চন্দ্ৰ হালৈয়ে গণেশ পূজাৰ ধৰ্ম ধ্বজা উত্তোলন কৰে।ইয়াৰ পিছত স্মৃতি তৰ্পণ কৰে পূজাৰ কাৰ্যকৰী সভাপতি নৱ তালুকদাৰে আৰু বৃক্ষৰোপণ কৰে সমাজসেৱক অঞ্জনজ্যোতি তালুকদাৰ আৰু প্ৰতুল কলিতাই।১০ বজাত পূজা। দুপৰীয়াৰ ভাগত হোৱা পুষ্পাঞ্জলি প্ৰদান আৰু প্ৰসাদ আৰু ভোগ গ্ৰহণত শ শ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি পৰিলক্ষিত হয়। আবেলি ৫ বজাত গিৰীন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সভাপতিত্বত সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। পূজা পৰিচালনা সমিতিৰ মুখ্য  ব্যৱস্থাপক ধ্ৰুৱজ্যোতি দত্ত,সম্পাদকদ্বয় অঞ্জন শৰ্মা, শংকৰ চক্ৰৱৰ্তী,সহ- সম্পাদকদ্বয় বিনয় দাস আৰু মনোৰঞ্জন বৰ্মনে আঁত ধৰা সভাত মুখ্য অতিথি হিচাপে জিলা অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰায় চৌধুৰী আৰু বিশিষ্ট ব্যৱসায়ী দ্বিবন ডেকা উপস্থিত থাকে। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে নলবাৰীৎ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে। আৰতি প্ৰদানৰ পিছতে নাগাৰা নাম প্ৰদৰ্শন অনুষ্ঠান  উদ্বোধন কৰে গুৱাহাটী মেট্ৰোৰ মুখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱাই।অনুষ্ঠানত নাম পৰিৱশন কৰে দৰঙৰ পাঠক বলেন শইকীয়া আৰু হাজোৰ  বলোৰাম ডেকাই। সমূহ কাৰ্যসূচীত ৰাইজৰ উপস্থিতিৰ সত্ৰ শিৱ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি নিতুল শৰ্মা,পূজা সমিতিৰ প্ৰচাৰ সম্পাদক ৰাজকুমাৰ কলিতা আৰু ৰাজীৱ বৰুৱাসহ উদ্যোক্তাসকলে শ্ৰদ্ধাৰে শলাগ লৈছে। উল্লেখ্য যে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই উন্নয়ন পুঁজিৰ পৰা আবন্টন দিয়া ধনেৰে নিৰ্মাণ হবলগীয়া শিৱ মন্দিৰৰ  চৌহদৰ পকী বেৰৰ আজিয়েই বিধায়কৰ হৈ আধাৰশিলা স্থাপন কৰে নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই।

Your Comments