বঙাইগাঁৱত ভাৰতীয় জীৱন বীমা নিগমৰ ৬৩ সংখ্যক বীমা সপ্তাহ পালন

bgn

বঙাইগাঁওঃ
দেশৰ ৰাজহুৱা খণ্ডৰ বৃহৎ বীমা প্ৰতিষ্ঠান ভাৰতীয় জীৱন বীমা নিগমে এইবেলিও পহিলা ছেপ্টেম্বৰৰ পৰা প্ৰতিষ্ঠানটোৰ ৬৩ সংখ্যক বীমা সপ্তাহ পালন কৰিছে ৷ এই উপলক্ষে বঙাইগাঁওস্থিত প্ৰতিষ্ঠানটোৰ মাণ্ডলিক কাৰ্যালয়তো সপ্তাহযোৰা বিভিন্ন কাৰ্যসূচীৰে বীমা সপ্তাহ পালন কৰা হৈছে ৷ বীমা সপ্তাহ উপলক্ষে মাণ্ডিল কাৰ্যালয়টোৰ জ্যেষ্ঠ মাণ্ডলিক প্ৰৱন্ধক বিজয় কুমাৰ পাণ্ডাই দেওবাৰে পুৱা দহ বজাত নিগমৰ পতাকা উত্তোলনেৰে সপ্তাহযোৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৷ ইয়াৰ পিছতে কাৰ্যালয় চৌহদত স্কুলীয়া ছাত্ৰ- ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ চিত্ৰাংকন প্ৰতিযোগিতাত ৪৫০ গৰাকী প্ৰতিযোগিয়ে অংশ গ্ৰহণ কৰে ৷ ইপিনে সোমবাৰে পুৱা ৬৩ সংখ্যক বীমা সপ্তাহ উলক্ষে ৬৩ গছি বন্তি প্ৰজ্বলন কৰা হয় ৷ লগতে এজেন্ট, কৰ্মচাৰী আদিৰ সৈতে অনুষ্ঠিত হয় এখন সভা ৷ ইয়াৰ পিছত দুপৰীয়াৰ ভাগত জীৱন বীমা নিগমৰ তৰফৰ পৰা স্থানীয় সাংবাদিকসকলৰ সৈতে এখন সংবাদ মেল অনুষ্ঠিত কৰে ৷ সংবাদ মেলত বঙাইগাঁওস্থিত মাণ্ডলিক কাৰ্যালয়ৰ জ্যেষ্ঠ মাণ্ডলিক প্ৰৱন্ধক বিজয় কুমাৰ পাণ্ডাই ভাৰতীয় জীৱন বীমা নিগমৰ লগতে বঙাইগাঁও মণ্ডলৰ চলিত বিত্তীয় বৰ্ষৰ সাফল্যৰ এক চমু খতিয়ান দাঙি ধৰে ৷bgn2 তেওঁ উল্লেখ কৰা মতে চলিত ২০১৯-২০ বিত্তীয় বৰ্ষত বঙাইগাঁও মণ্ডলৰ নতুন ব্যৱসায়ৰ প্ৰথম প্ৰিমিয়াম হিচাপে ২২৫ কোটি টকা আহৰণৰ লক্ষ্য ধাৰ্য কৰা হৈছে আৰু ১,৪২,৫০০ টা পলিচী বিক্ৰীৰ সংখ্যা ধাৰ্য কৰিছে ৷ সেই অনুসৰি যোৱা ৩১ আগষ্টলৈকে আয়ৰ পৰিমাণ ৭৬.৩৫ কোটি টকা হোৱাৰ বিপৰীতে পলিচী বিক্ৰীৰ সংখ্যা হ'ল ৪৮,৪৭৭ টা ৷ সেইদৰে মুঠ ৰিনিউৱেল প্ৰিমিয়াম আয়ৰ পৰিমাণ হ'ল ১২৬.৪৪ কোটি টকা ৷ আনহাতে দাবী নিষ্পত্তিৰ ক্ষেত্ৰত এই বৰ্ষৰ বৰ্তমানলৈকে মৃত্যুজনিত দাবীৰ ক্ষেত্ৰত ২০.৪৩ কোটি টকা আৰু মেচুৰিটী তথা চাৰভাইভেল বেনিফিট নিষ্পত্তিৰ বাবদ ৯২.৫৭ কোটি টকা গ্ৰাহকক আদায় দিয়া হৈছে ৷ কেন্দ্ৰীয় কাৰ্যালয়লৈ প্ৰেৰণ কৰা অতিৰিক্ত ধন ৰাশিৰ পৰিমাণ হ'ল ১৪০.৪১ কোটি টকা ৷ সংবাদ মেলত জ্যেষ্ঠ মাণ্ডলিক প্ৰৱন্ধকগৰাকীয়ে উল্লেখ কৰা মতে নিগমৰ বঙাইগাঁও মণ্ডল কাৰ্যালয়ৰ অধীনত মুঠ ১২ টা শাখা কাৰ্যালয় ৩ টা চেটেলাইট কাৰ্যালয়, ৪ টা মিনি কাৰ্যালয় আৰু ৪৪ টা প্ৰিমিয়াম পইন্ট আছে ৷ ইপিনে নিগৰ 'গোল্ডেন জুবিলী ফাউণ্ডেচন' নামৰ এক আঁচনিৰ মাধ্যমত বঙাইগাঁও মণ্ডলে কোকৰাঝাৰৰ দেৱৰগাঁওস্থিত আলায়আৰণ অনাথ আশ্ৰম স্কুলক ৬,৬৪,৩৫২ টকা আৰু গোৱালপাৰা ইংৰাজী বিদ্যালয়ক ১,৬২,৭০০০ অনুদান আগবঢ়ায় ৷ ইয়াৰ উপৰিও ১০ গৰাকী দুখীয়া ছাত্ৰ - ছাত্ৰীক ১০,০০০ টকাকৈ এককালীন বৃত্তিপ্ৰদান কৰা কৰে ৷ সেইদৰে আন এক আঁচনিৰ জৰিয়তে ১৫০ গৰাকী মেধাবী ছাত্ৰ - ছাত্ৰীক ' ষ্টুডেন্ট অৱ দ্যা ইয়েৰ ' ট্ৰফী প্ৰদান কৰা হয় বুলিও জ্যেষ্ঠ প্ৰৱন্ধকগৰাকীয়ে কয় ৷ তেওঁ লগতে উল্লেখ কৰা মতে বৰ্তমান বঙাইগাঁও মণ্ডলৰ অধীনত মুঠ ১১ লাখ পলিচী চলি আছে ৷ মণ্ডলৰ অধীনত থকা এজেন্টৰ সংখ্যা হ'ল ৬,১০৯ গৰাকী৷ উল্লেখ্য যে বীমা সপ্তাহ উপলক্ষে 
মাণ্ডলিক কাৰ্যালয়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ সেই অনুসৰি সোমবাৰে আবেলি ছহিদ বেদীৰ পৰা বৰপাৰা বাছ আস্থানলৈ স্বচ্চ ভাৰত অভিযানৰ অংশ হিচাপে এক চাফাই অভিযান চলায় ৷ সেইদৰে তিনি ছেপ্টেম্বৰত গছ পুলি ৰোপণ, অভয়াপুৰী কলেজত আলোচনাচক্ৰ অনুষ্ঠিত কৰিব ৷ চাৰি ছেপ্টেম্বৰত গ্ৰাহৰ সৈতে মত বিনিময়,  আলফোনচা জীৱনজ্যোতি কেন্দ্ৰ, আনন্দ মাৰ্গ অনাথ গৃহ আৰু বৰ্ষণগাঁও অনাথ গৃহত বস্ত্ৰ বিতৰণ, পাঁচ ছেপ্টেম্বৰত কুইজ প্ৰতিযোগিতা, ছয় ছেপ্টেম্বৰত বৰ্ষণগাঁৱত স্বাস্থ্য পৰীক্ষা শিবিৰ, আকস্মিক বক্তৃতা আৰু সাত ছেপ্টেম্বৰত বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠানেৰে বীমা সপ্তাহৰ কাৰ্যসূচীৰ সামৰণি পৰিব ৷ সংবাদ মেলত বিপণন প্ৰৱন্ধক সুভাষ ৰয়েও নিগমৰ বিভিন্ন আঁচনি আৰু সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ৰূপায়ণ কৰা কাম - কামজৰ বিষয়ে উল্লেখ কৰে ৷ ইপিনে দেশৰ অৰ্থনৈতিক মন্দা অৱস্থাই জীৱন বীমা নিগমকো প্ৰভাৱিত কৰিছে নেকি বুলি সাংবাদিকে জ্যেষ্ঠ মাণ্ডলিক প্ৰৱন্ধক বিজয় কুমাৰ পাণ্ডাক প্ৰশ্ন কৰাত তেওঁ কয় যে বৰ্তমানলৈকে কোনো প্ৰভাৱ পৰা নাই ৷ অৱশ্যে এল আই চিৰ বাহিৰে বীমা ক্ষেত্ৰত জড়িত আন বীমা প্ৰতিষ্ঠানসমূহ প্ৰভাৱিত হৈছে ৷ এল আই চিৰ প্ৰতি ৰাইজৰ বিশ্বাস অটুত থকাৰ বাবে বৰ্তমানলৈকে অৰ্থনীতিবিদসকলে দেশৰ আৰ্থিক মন্দা অৱস্থাৰ কথা কৈ অহাৰ পিচতো কিন্তু এল আই চিৰ পলিচী মুকলি কৰাত গ্ৰাহক ৰাইজৰ সহাৰি উল্লেখনীয় বুলি কয় ৷ গতিকে ৰাইজৰ ধন আছে বাবেই পলিচী কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে জ্যেষ্ঠ প্ৰৱন্ধকগৰাকীয়ে ৷ লগতে এল আই চিৰ প্ৰতি ৰাইজৰ যি বিশ্বাস সেয়া আগলৈকো অটুত থাকিব বুলি আশা প্ৰকাশ কৰে ৷

Your Comments