চৰকাৰী অৱহেলাত বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত লৰমা গৌৰহাটী,১নং ধুহিৰ ৰাইজ :এখন ভগ্ন দলঙে যাতায়তৰ একমাত্ৰ ভৰসা

baharghat

নৰেন শৰ্মা,বাহাৰঘাট :

কামৰূপ গ্ৰাম্য জিলাৰ ৰঙিয়া মহকুমাৰ দক্ষিণ দিশৰ ৫৫ নং হাজো বিধান সভা সমষ্টিৰ অন্তৰ্গত লৰমা গৌৰহাটী,১নং ধুহিৰ এখন ভগ্ন দলঙে বৰ্তমান চৰকাৰৰ উন্নয়নৰ বাস্তৱ ছবি দাঙি ধৰিছে৷উল্লেখযোগ্য যে হাজো বিধানসভা সমষ্টিৰ অধীনস্থ উক্ত গাওঁ দুখনৰ লগতে চতমা বাথান,হুৰমাবড়ি আৰু ৰঙিয়া সমষ্টিৰ দততীয়া,নিতানি,গোপালপূৰ,বাঠান আদি গাওঁৰ লোক সকলে উক্ত দলংখনৰে বিপদসংকুল যাতায়ত কৰিব লাগে৷বিগত ২০১৩ চনৰে পৰা বছৰে বছৰে ৰাইজে গাঠিৰ ধন ভাঙি দলংখন মেৰামতি কৰি আহিছে৷ইমানৰ পিছতো বিগত কংগ্ৰেছ চৰকাৰৰ লগতে বৰ্তমানৰ তিনি বছৰ অতিক্ৰম কৰা পৰিবৰ্তনশীল চৰকাৰৰো দলংখন তথা অঞ্চলটোৰ সমস্যাৰ প্ৰতি দৃষ্টি নপৰাটো দুৰ্ভাগ্যজনক হিচাপে বিবেচিত হৈছে৷ কিছুদিন পূৰ্বে অঞ্চলটোৰ ৰাইজে হাজো বিধান সভা সমষ্টিৰ বিধায়িকাক দলংখন দেখুৱাই মেৰামতি কৰি দিয়াৰ বাবে অনুৰোধ কৰাত তেওঁৰ হাতত পইছা নাই দলং মেৰামতি বা নতুনকৈ বনোৱাত অসুবিধা হ'ব বুলি কৰা মন্তব্যই ৰাইজক ক্ষোভিত কৰি হে তুলিছে৷বৰলীয়া আৰু নোনা নৈৰ মাজৰ উক্ত সমতল ভূমিৰ ৰাইজে বছৰটোৰ সকলো সময়তে শংকাত জীৱন নিৰ্বাহ কৰি আছে৷bahar

সকলো চৰকাৰে তেওঁলোকৰ সমস্যাৰ সমাধান কৰাৰ আশ্বাস দি হে দায়িত্ব সামৰে,সমস্যাৰ কিন্তু সমাধান নহয়৷সেয়েহে অঞ্চলটোৰ সচেতন ব্যক্তি বাচেদ আলী,আলি আকবৰ,জয়নুৰ আলী,হাৰুন ৰছিদ,মচেদ আলী,তমিজ আলী,চৈয়দ এচেয়া আলী,খাইৰুল হুছেইন,বাহাৰুল আলী আদিয়ে আক্ষেপ কৰি কয় যে চৰকাৰে আমাৰ নিচিনা পিচপৰা দুৰ্গত অঞ্চলটোৰ ৰাইজৰ আকাংক্ষাৰ সমস্যা সমূহ  সমাধান কৰাত আজিলৈকে গুৰত্ব নিদিয়াটো অঞ্চলবাসীৰ বাবে অভিশাপ স্বৰূপ৷অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠান ধুহি লৰমা গৌৰহাটী মিলন প্ৰাথমিক বিদ্যালয়ৰ গৃহটো কেচামাটিৰ, টিনপাতৰ দুচলীয়া আছে যদিও জৰাজীৰ্ণ,কোনোমতে তাতে দুগৰাকী শিক্ষকে প্ৰতিদিনে প্ৰায় দুকুৰিৰো বেচি ছাত্ৰছাত্ৰীক পাঠদান কৰে৷baharghat2

বিদ্যালয়খনত নাই বিজ্ঞান সন্মত পাকঘৰৰ ব্যৱস্থা৷অঞ্চলটোৰ বিষয়ে ধাৰাবাহিক বাতৰি আৰু ৰাইজৰ প্ৰবল হেচাৰ পিচত সৌভাগ্য আচনিৰ জৰিয়তে বিদ্যুত সংযোগ হোৱাৰ লগতে বাটপথৰ কিছু উন্নয়ন হৈছে যদিও বিগত বানপানীৰ সময়ত প্ৰায়ভাগে জৰাজীৰ্ণ হৈ পৰিছে৷এই সমূহ সমস্যাৰ সমধান কৰাৰ লগতে ভগ্ন দলংখন নতুনকৈ নিৰ্মাণ কৰাৰ বাবে ৰাইজে দাবী কৰিছে৷

Your Comments