নগাঁৱত ড্ৰাগছ ব্যৱসায়ত জড়িত প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ পুত্ৰ:৪৫০গ্ৰাম ব্ৰাউন চুগাৰসহ দুজনক গ্ৰেপ্তাৰ

nagaon

নগাঁৱৰ পৰা ৱাহিদুদ জামানৰ প্রতিবেদন :

নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণ কৰি বিভিন্ন সময়ত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে যদিও ড্ৰাগছৰ অবৈধ বেহা নিৰ্মূল কৰিবলৈ সক্ষম হোৱা নাই।অৱশ্যে নগাঁও আৰক্ষীৰ অভিযান কালত ইতিমধ্যে বহু সংখ্যক ড্ৰাগছ ব্যৱসায়ী,কেইবাজনো ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ, হেৰ'ইন আৰু অন্য ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে।
দেওবাৰে বিয়লি প্ৰায় তিনি বজাত নগাঁও সদৰ আৰক্ষী থানাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত চহৰ খনৰ লাওখোৱা ৰোডৰ লক্ষী হাজৰিকা উপপথৰ এটা ঘৰত অভিযান চলাই বুজন পৰিমাণৰ ব্ৰাউন চুগাৰ সহ দুজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।ধৃত লোক দুজনৰ নাম বিপ্লৱ প্ৰসাদ হাজৰিকা(কাজু)আৰু হেমন্ত গুৰুঙ।স্মৰ্তব্য যে, ধৃত বিপ্লৱ প্ৰসাদ হাজৰিকা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী প্ৰয়াত লক্ষী প্ৰসাদ হাজৰিকাৰ কণিষ্ঠ পুত্ৰ।আনহাতে, হেমন্ত গুৰুঙৰ ঘৰ গুৱাহাটীত।আৰক্ষীয়ে অভিযান চলাই প্ৰাক্তন মন্ত্ৰী প্ৰয়াত হাজৰিকাৰ পুত্ৰ বিপ্লৱৰ ঘৰৰ ভিতৰৰ গোঁসাইৰ থাপনাৰ তলৰ পৰা ৪৫০গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে।লগতে ঘৰটোৰ পৰা ১৮শ কন্টেনাৰো জব্দ কৰে।এই কন্টেনাৰ সমূহৰ ভিতৰৰ ৪০০কন্টেনাৰত ব্ৰাউন চুগাৰ ভৰোৱা আছিল।ইপিনে আৰক্ষীয়ে চাৰিটা ম'বাইলো জব্দ কৰে।
আৰক্ষী সূত্ৰই জনোৱা মতে, বিপ্লৱ প্ৰসাদ হাজৰিকা নামৰ লোক জন বিভিন্ন অসামাজিক কাৰ্যকলাপৰ সৈতেও জড়িত।তেওঁ নগাঁও চহৰৰ লাওখোৱা ৰোডৰ লক্ষী হাজৰিকা উপপথৰ বাসগৃহৰ পৰাই সুদীৰ্ঘ দিন ধৰি ড্ৰাগছৰ বেহা চলাই আছিল।তাৰোপৰি, নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগতো তেওঁ গ্ৰেপ্তাৰ হৈ জেলৰ ভাত খাবলগীয়া হৈছিল।সম্প্ৰতি ধৃত লোক দুজনক নগাঁও সদৰ আৰক্ষী থানাত উচ্চ পদস্থ আৰক্ষী বিষয়াই জেৰা অব্যাহত ৰাখিছে।

Your Comments