উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত বিজ্ঞান সজাগতা সভা সম্পন্ন

north ghy

নিউজ ডেস্ক:

অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অৰ্থসাহায্যত,অসম বিজ্ঞান সমিতিৰ পৰামৰ্শমৰ্মে সমিতিৰ উত্তৰ গুৱাহাটী শাখাই উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত 'বিজ্ঞান সচেতনতা অভিযান-২০১৯'ৰ অন্তৰ্গত শুকুৰবাৰে বিজ্ঞান সজাগতা সভা অনুষ্ঠিত কৰে।অধ্যাপক টিকেন্দ্ৰজিৎ শৰ্মাই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম বিজ্ঞান সমিতিৰ উত্তৰ গুৱাহাটী শাখাৰ সম্পাদক বৃন্দালী দেৱীয়ে।সভাত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ হাচমৎ আলীয়ে ভাষণ প্ৰসংগত সম্প্ৰতি তন্ত্ৰ-মন্ত্ৰ,যাদু-তোনা আদিৰ জৰিয়তে একাংশ অসৎ লোকে জনতাক প্ৰতাৰণা কৰি থকাৰ বিষয়ে উল্লেখ কৰি এইবিলাক প্ৰতিৰোধ কৰিবলৈ নাগৰিক সকলৰ মাজত বিজ্ঞানমনস্কতা গঢ় দিয়াত গুৰুত্ব দিয়ে।তেওঁ কিছু যাদু প্ৰদৰ্শন কৰি তাৰ মাজত থকা বিজ্ঞানৰ বিষয়ে উপস্থিত ছাত্ৰী আৰু নাগৰিকসকলক বাখ্যা আগবঢ়াই।অধ্যাপক তপন কুমাৰ শৰ্মাই শব্দ বিজ্ঞানৰ বিভিন্ন দিশ সম্পৰ্কত ভাষণ প্ৰসংগত ব্যাখ্যা আগবঢ়াই।বৃন্দালী দেৱীয়ে ঔষধী গুণাগুণ সম্পৰ্কীয় কিছু উদ্ভিদৰ বিষয়ে বক্তব্য আগবঢ়াই।অধ্যাপক ডঃ হুপেশ চৌধুৰীয়ে উপস্থিত ছাত্ৰীসকলক ভৱিষ্যতে বিজ্ঞানমনস্ক ব্যক্তি হ'বলৈ ভাসনপ্ৰসংগত আহ্বান জনায়।ভৱিষ্যতে বিজ্ঞানী হোৱাৰ সংকল্প গ্ৰহণ কৰিবলৈও তেওঁ আহ্বান জনায়।সভাত অধ্যাপক প্ৰভাত শৰ্মা,সাংবাদিক ৰূপক ডেকা,শিক্ষক ধীৰেশ্বৰ বড়ো,দিলীপ ডেকা,শিক্ষয়িত্ৰী নিৰ্মালি শইকীয়া, শেৱালি শৰ্মা আদি উপস্থিত থাকে।

Your Comments