নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তত ৭২সংখ্যক  স্বাধীনতা দিৱস উদ্‌যাপন

নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তত ৭২সংখ্যক  স্বাধীনতা দিৱস উদ্‌যাপন

 


সমগ্র ৰাজ্যৰ লগতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰতো বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰে স্বাধীনতা দিৱস । স্বাধীনতা দিৱস উপলক্ষে নাৰায়নপুৰস্থিত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত পুৱা ৯ বজাত পৰিষদৰ মুখ্য কাৰ্যবাহী

সদস্য মাধৱ দেউৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পাছত পৰিষদৰ অধ্যক্ষ বিষ্ণু দেউৰীৰ সভাপতিত্বত এখনি সভা অনুষ্ঠিত হয় । পৰিষদৰ উপাধ্যক্ষা অমৃতপ্ৰভা দেউৰীয়ে আঁতধৰা সভাত কাৰ্যবাহী সদস্য চোনালাল দেউৰী, সদস্য মনমোহন দেউৰী, মহেশ দেউৰী,

বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকা, নাৰায়ণপুৰৰ উপ-আৰক্ষী বিষয়া পি ডি বৰগোঁহাই আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট অতিথিয়ে ভাষণ প্ৰদান কৰে ।

নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তত ৭২সংখ্যক  স্বাধীনতা দিৱস উদ্‌যাপন

উল্লেখ্য যে অনুষ্ঠানত চক্ৰপতি দেউৰীৰ পৰিচালনাত শিল্পীসকলে গীত পৰিৱেশন কৰাৰ লগতে পৰিষদৰ কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি ঘোষণা কৰা হয় ৷ ইফালে নাৰায়ণপুৰ প্ৰশাসনৰ উদ্যোগত আৰু নাৰায়ণপুৰ নগৰ সমিতিৰ সহযোগত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক

বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱস উপলক্ষে পুৱা ৯ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়া বনি ইনাম ছাদাবে ৷

ইয়াৰ পিছতেই সামৰিক বেণ্ডৰ তালে তালে বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীয়ে পেৰেডত অংশগ্ৰহণ কৰে ৷ উক্ত অনুষ্ঠানতেই দেশপ্ৰেমমূলক গীত আৰু বাৰেৰহণীয়া কৃষ্টি প্ৰৰ্দশন কৰা হয় ৷

নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তত ৭২সংখ্যক  স্বাধীনতা দিৱস উদ্‌যাপন

বিয়লিলৈ নাৰায়ণপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া দীননাথ মিলিয়ে ৰাষ্ট্ৰীয় পতাকা অৱনমন কৰে ৷ আনহাতে, নাৰায়ণপুৰৰ অতিথিশালাত নাৰায়ণপুৰ নগৰ সমিতি, বেচৰকাৰী সংস্থা পোহৰ আৰু জুবিন গাৰ্গ ফেন ক্লাবৰ সহযোগত টীম হিউমেনিটীয়ে

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰে এক ৰক্তদান শিবিৰ । নাৰায়ণপুৰ নগৰ সমিতিৰ প্ৰাক্তন সভাপতি হৰিশ চন্দকে শুভ উদ্বোধন কৰা শিবিৰটোত চক্ৰ বিষয়া বনি ইনাম চাদাব, শিক্ষাবিদ চন্দ্ৰ হাজৰিকা, জ্যেষ্ঠ সাংবাদিক কুমুদ শইকীয়া প্ৰমুখ্যে বহু

কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । টীম হিউমেনিটীৰ সদস্য দেৱৰাজ বৰা, চন্দন শইকীয়া, হিমাংশু হাজৰিকাই আঁতধৰা অনুষ্ঠানটোত বৃহত্তৰ অঞ্চলটোৰ অৰ্ধশতাধিক লোকে ৰক্তদান কৰে ।

অনুষ্ঠানটোত লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক-কৰ্মচাৰীসকলে  সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় ।
 

Your Comments