ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ যোগ তালিকাত নাম নাহিল ডবকাৰ কেইবাটাও খিলঞ্জীয়া পৰিয়ালৰ

nrc

ডবকাৰ প্ৰতিবেদক

বহু প্ৰতীক্ষাৰ অন্তত অসমীয়া জাতিৰ দলিল স্বৰূপ এনআৰচিৰ আজি অতিৰিক্ত যোগ তালিকাখন প্ৰকাশ পালে৷ এই তালিকাখনত নুঠিল ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত হালধিআটি গাঁৱৰ দুটাকৈ খিলঞ্জীয়া পৰিয়ালৰ নাম৷ যাৰ বাবে পৰিয়ালদুটাত এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে৷ বাতৰি অনুসৰি আকাশীগংগা গাওঁ পঞ্চায়তৰ হালধিআটি গাঁৱৰ প্ৰদীপ বৰা আৰু সুকুমাৰ বৰদলৈ নামৰ লোক দুজনে তেওঁৰ পৰিয়ালৰ যাৱতীয় নথিপত্ৰ দি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত নাম অন্তৰ্ভূক্তিৰ বাবে আবেদন জনাইছিল৷ সেইমতে এনআৰচি কৰ্তৃপক্ষই পৰিয়ালটোৰ কেবাবাৰো শুনানী গ্ৰহণ কৰিছিল৷ শুনানী গ্ৰহণ কৰাৰ পাছতো খিলঞ্জীয়া পৰিয়াল দুটাৰ নাম যোৱা বছৰ প্ৰকাশ পোৱা চূড়ান্ত খচৰা তালিকাত অন্তৰ্ভুক্ত নহ'ল৷ পৰৱৰ্তী তেওঁলোকে পুনৰ নিয়ম অনুযায়ী নাম অন্তৰ্ভুক্তিৰ বাবে দাবী জনাই আবেদন কৰিছিল৷ সেইমতে পুনৰায় পৰিয়ালটোক শুনানীলৈ মতা হয়৷ ইমানৰ পিছতো প্ৰদীপ বৰাৰ ছয়জনীয়া পৰিয়ালৰ সদস্য ক্ৰমে প্ৰদীপ বৰা, পত্নী অল্পনা বৰা, পুত্ৰ প্ৰণৱ বৰা, কন্যা প্ৰতিমা বৰা, পম্পী বৰা আৰু অনামিকা বৰাৰ নাম নাহিল৷ ইয়াৰ সমান্তৰালকৈ একেখন গাঁৱৰ সুকুমাৰ বৰদলৈৰ তিনিজনীয়া পৰিয়ালৰ সুকুমাৰ বৰদলৈ, পত্নী মিলানান্ত বৰদলৈ আৰু পুত্ৰ বকুল বৰদলৈৰ নাম আজি প্ৰকাশ পোৱা তালিকাত অন্তৰ্ভুক্ত নহ'ল৷ আনহাতে কাৰিকৰী অসুবিধাৰ বাবে পৰিয়াল দুটিৰ নাম এনআৰচিত অন্তৰ্ভুক্ত হোৱা নাই বুলি স্থানীয় এগৰাকী এনআৰচি বিষয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷

Your Comments