বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন 

asn

হাজোৰ পৰা কমলাকান্ত দাস

কামৰূপ জিলাৰ হাজো ৰাজহৰ অধীনস্থ বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়ৰ দশম বাৰ্ষিক প্ৰতিঠা দিৱস আৰু বটা বিতৰণী সভা আজি বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। পুবা পতাকা উত্তোলন কৰে আতাউৰ ৰহমানে। গছপুলি ৰোপণ কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নূৰুল ইছলামে। মুকলি সভাত পৌৰোহিত্য কৰে ৱাজেদ আলীয়ে। মূকলি সভাত ভাগ লৈ শিক্ষক  টি ডেকাই কয়, বিদ্যালয় একোখনৰ মান নিৰ্ভৰ কৰে প্ৰকৃততে গুণগত শিক্ষাৰ ওপৰত। ঘৰখনৰ  পৰাই ছাত্র ছাত্ৰী সকলে নীতিশিক্ষাৰ আদিপাঠ গ্ৰহণ কৰে। সেয়ে ঘৰখনত ছাত্র ছাত্ৰীসকলক পিতৃ-মাতৃসকলে সজ আচৰণ মানি চলিবলৈ শিকাব লাগিব। সভাত অভিনেত্ৰী চেমিম আহমেদ ছিদিকী, শিক্ষক প্ৰভাত চন্দ্ৰ ঠাকুৰীয়া, বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক এম ৰহমান, ৰাণূমা ডেকা, মিছ আখতাৰা পাৰবিন, জিতুমণি পাঠক, জিয়াৰুল হক উপস্থিত থাকে। বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়ৰ সচিব আবদুল ৰহিমে আঁতধৰা সভাত বিদ্যালয়ৰ বিভিন্ন প্ৰতিযোগিতাত খিতাপ লাভ কৰা ছাত্র-ছাত্ৰীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়।

Your Comments