লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ বিজেপিৰ প্ৰাক্তন মহিলা মৰ্চাৰ সভানেত্ৰী মমতা থাওচেন বৰাৰ পুত্ৰ ৰমানন্দ বৰাক চোকা অস্ত্ৰৰে ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰিলে দীপক ৰাজখোৱা নামৰ এজন লোকে।
পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবিৰ পৰা আহি হোজাইৰ দক্ষিণ বিদ্যানগৰত বিগত ৬ বছৰ ধৰি এটা ভাড়াঘৰত থকা দীপক ৰাজখোৱাই হত্যা কৰিলে ৰমানন্দ বৰাক।দীপক ৰাজখোৱাই নিজ ভাড়াঘৰৰ পদূলিলৈ মাতি নি হত্যা কৰিলে বৰাক।ভাড়াঘৰৰ সন্মুখতে হত্যা কৰে বৰাক।হত্যা কৰাৰ পিছতে চোকা অস্ত্ৰ লৈ ৰাজপথত বহু সময় ধৰি আতংকৰ সৃষ্টি কৰিছিল দীপকে।
হোজাইৰ উচ্চ পৰ্যায়ৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি কিছু শান্ত কৰে যদিও অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয়।হত্যাকাৰী দীপক ৰাজখোৱাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হোজাই জিলাৰ ভিতৰৰে নিৰ্দিষ্ট এখন থানাত গোপনে আবদ্ধ কৰি ৰাখে।
- Log in to post comments
- 45 views