বঙাইগাঁৱৰ প্ৰতিবেদক
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে অহা ৩১ আগষ্টত বঙাইগাঁও জিলাতো প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা৷ইয়াকে লৈ সম্পূৰ্ণ সষ্টম আৰু সাজু হৈ পৰিছে বঙাইগাঁও জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন৷এনআৰচি প্ৰকাশৰ পিছত যাতে জিলাখনত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয়,তাৰ বাবে প্ৰতিখন থানা এলেকাত ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰিছে প্ৰশাসনে ৷ তদুপৰি,বিভিন্ন দল- সংগঠন তথা সমাজৰ লগত জড়িত বিশিষ্ট নাগৰিকসকলৰ লগতো প্ৰশাসনে সভা অনুষ্ঠিত কৰি এনআৰচি প্ৰকাশৰ পিচত যাতে ৰাইজৰ মাজত শান্তি - শৃংখলা অটুট থাকে,তাৰ বাবে তেওঁলোকৰ পৰা সহযোগিতা বিচাৰিছে ৷ বৃহস্পতিবাৰে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত জিলা উপায়ুক্ত আদিল খানে এইদৰে প্ৰকাশ কৰে ৷ জিলা উপায়ুক্তগৰাকীৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত সংবাদমেলত উপায়ুক্তগৰাকীয়ে কয় যে ৩১ আগষ্টত প্ৰকাশ পাবলগীয়া এনআৰচিলৈ কোনো লোক চিন্তিত হ'ব নালাগে ৷ কাৰণ এনআৰচিৰ চূড়ান্ত তালিকাত যদি কাৰোবাৰ নাম নাথাকেও, তেতিয়াহ'লে সেই লোকজনে বিদেশী ন্যায়াধীকৰণত এই সন্দৰ্ভত আবেদন কৰাৰ বাবে ১২০ দিন সময় পাব ৷ আনহাতে, যোৱা বৰ্ষৰ ৩০ জুলাইত প্ৰকাশ পোৱা খচৰা এনআৰচিত নাম অন্তৰ্ভুক্ত হোৱা আৰু যোৱা ২৬ জুনত প্ৰকাশিত অতিৰিক্ত বাদ পৰা তালিকাৰ পৰা বাদ নপৰা যিসকল ব্যক্তিক ৫ জুলাইৰ পৰা আৰম্ভ হোৱা এনআৰচিৰ কোনো শুনানীত উপস্থিত থাকিবলৈ মতা হোৱা নাছিল, তেওঁলোকৰ নাম চূড়ান্ত এন আৰ চিত অন্তৰ্ভুক্ত হৈ থাকিব।সেয়ে তেনে ব্যক্তিসকলে তেওঁলোকৰ নাম এনআৰচিৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্তিৰ স্থিতিক লৈ চিন্তা কৰিব নালাগে বুলি জিলা উপায়ুক্তগৰাকীয়ে কয় ৷ আনহাতে,তেওঁ কয় যে প্ৰকাশ পাবলগীয়া এনআৰচিৰ চূড়ান্ত তালিকাত যোৱা বৰ্ষৰ ৩০ জুলাইত প্ৰকাশিত সম্পূৰ্ণ খচৰা এনআৰচিত নাম অন্তৰ্ভুক্ত নোহোৱাৰ বাবে দাবী প্ৰ-প্ৰত্ৰ দাখিল কৰা ব্যক্তিসকলৰ লগতে যোৱা ২৬ জুনত প্ৰকাশিত অতিৰিক্ত বাদ দিয়া তালিকা মৰ্মে সম্পূৰ্ণ খচৰা এনআৰচিৰ পৰা বাদ পৰা ব্যক্তিসকলে আৰু সম্পূৰ্ণ খচৰা এনআৰচিত অন্তৰ্ভুক্ত হোৱা যিসকল ব্যক্তিৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হৈছিল, সেই ব্যক্তিসকলে তেওঁলোকৰ নিৰ্দ্ধাৰিত এনএচকে , চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু জিলা উপায়ুক্ত কাৰ্যালয়ত প্ৰকাশ কৰা তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্তিৰ স্থিতি চাব পাৰিব ৷ এই তালিকাখন কেৱল সংযোজনী অন্তৰ্ভুক্তিৰ তালিকাহে হ'ব ৷ জনসাধাৰণে তেওঁলোকৰ এআৰএন টাইপ কৰি এনআৰচিত নিজৰ নাম অন্তৰ্ভুক্তিৰ স্থিতি সম্পৰ্কে অনলাইন যোগেও চাব পাৰিব বুলি কয় ৷ইফালে,প্ৰকাশ পাবলগীয়া এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশৰ বাবে জিলাখনৰ এনএচকে, চক্ৰ বিষয়া কাৰ্যালয় আৰু জিলা উপায়ুক্ত কাৰ্যালয়ত সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও কয় ৷ উপায়ুক্তগৰাকীয়ে ৰাইজৰ সুবিধাৰ্থে বঙাইগাঁও জিলাত নতুনকৈ আৰু পাঁচখন ন্যায়াধিকৰণ স্থাপন কৰা হ'ব বুলি কৈ যেতিয়ালৈকে নতুন ন্যায়াধিকৰণকেইখনৰ কাম- কাজ আৰম্ভ নহয়, তেতিয়ালৈকে বঙাইগাঁও আৰু অভয়াপুৰীত থকা ন্যায়াধিকৰণ দুখনত আবেদন কৰিব পাৰিব বুলি কয় ৷ তেওঁ জিলাখনৰ ৰাইজৰ সহায় - সহযোগত এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশ কৰিব পাৰিব বুলিও আশা প্ৰকাশ কৰে ৷ লগতে ৰাইজক এনআৰচিত যদি কাৰোবাৰ নাম নাথাকে, তেতিয়াহ'লে চিন্তিত হোৱাৰ কাৰণ নাই বুলি কৈ এনআৰচিত নাম নথকা লোকজনে এই সন্দৰ্ভত ন্যায়াধিকৰণত আবেদন কৰাৰ বাবে ১২০ দিন সময় পাব বুলি কয় ৷ সেয়ে সকলোকে এনআৰচি প্ৰকাশৰ পিচত শান্তি - সম্প্ৰীতি বৰ্তাই ৰখাৰ বাবে জিলা উপায়ুক্তগৰাকীয়ে আহ্বান জনায় ৷ উল্লেখ্য যে জিলাখনত এনআৰচিৰ কামত ১২২৪ গৰাকী চৰকাৰী কৰ্মচাৰী আৰু ১৯৪ গৰাকী অস্থায়ী কৰ্মচাৰী জড়িত হৈ আছে বুলিও উপায়ুক্তগৰাকীয়ে উল্লেখ কৰি কয় যে এনআৰচিৰ ক্ষেত্ৰত কৰ্মচাৰীসকলে যিমান নিয়াৰিকৈ কাম কৰিছে তেনেকৈ আজিলৈকে কোনো চৰকাৰী কাম কৰা নাই ৷ দিনে - নিশাই বহু কষ্ট কৰি তেওঁলোকে কাম কৰিছে ৷ ভাৰতবৰ্ষত আজিলৈকে এনে ধৰণৰ ডাঙৰ কাম ক'তো হোৱা নাই ৷ সেয়ে ইয়াৰ বাবে ৰাইজৰ সহায় - সহযোগ তেওঁ কামনা কৰে ৷ইফালে, সংবাদমেলত এন আৰচি প্ৰকাশৰ পিচত যাতে জিলাখনত কোনো অপ্ৰীতিকৰ তথা আইন - শৃংখলা বিঘ্নিত হ'ব পৰা পৰিস্থিতিৰ উদ্ভৱ নহয়,তাৰ বাবে জিলা আৰক্ষী প্ৰশাসন সষ্টম হৈ আছে বুলি প্ৰকাশ কৰে আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে ৷ জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰা মতে নিৰাপত্তাৰ দিশটোলৈ চাই সমগ্ৰ জিলাখনক ৬ টা জ'নত ভাগ কৰি নিৰাপত্তা ব্যৱস্থাটো চোৱাচিতা কৰি থকা হৈছে ৷ জিলাখনত সাতটা নিৰাপত্তা বাহিনী নিয়োগ কৰা হ'ব বুলি জানিবলৈ দি আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে জিলাখনৰ প্ৰতিটো এনএচকে কেন্দ্ৰতে নিৰাপত্তা বাহিনী নিয়োগ কৰা হ'ব ৷ইয়াৰ উপৰিও দুটাকৈ বেটেলিয়ন আছে ৷ আনকি প্ৰয়োজনত সেনা বাহিনীৰো সহায় লোৱা হ'ব বুলি কয় ৷ মুঠতে নিৰাপত্তাৰ দিশত কোনো খুঁত ৰখা নহ'ব ৷ তাদুপৰি প্ৰতিখন থানাতে অতিৰিক্ত নিৰাপত্তা বাহিনীৰ দল সাজু কৰি ৰখা হ'ব,যাতে কৰবাত কিবা যদি অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হয় তেতিয়াহলে ততালিকে যাতে সেই স্থানত উপস্থিত হ'ব পাৰে ৷ কিন্তু সকলোতকৈ ডাঙৰ কথা হ'ল ৰাইজৰ সহযোগিতাৰ প্ৰয়োজন ৷ কাৰণ ৰাইজে সহযোগ কৰিলে নিৰাপত্তাৰ দিশত চিন্তা কৰিবলগীয়া নাথাকে ৷ তেওঁ জিলাখনৰ কেবাটাও ভিতৰুৱা অঞ্চলক নিৰাপত্তাৰ দিশত স্পৰ্শকাতৰ অঞ্চল হিচাপে চিহ্নিত কৰা বুলি উল্লেখ কৰে ৷ বিশেষকৈ কীৰ্তনপাৰা, বিদ্যাপুৰ , চিকিবিকি আদি অঞ্চলসমূহৰ নাম উল্লেখ কৰে ৷ সেইদৰে ছ'চিয়েল মিডিয়াৰ ওপৰত আৰক্ষী প্ৰশাসনে তীক্ষ্ণ নজৰ ৰখা বুলি প্ৰকাশ কৰি ফেচবুক, ৱাটচআপ আদিৰ জৰিয়তে যদি কোনোবাই অশান্তি বিয়পাব পৰা মন্তব্য কৰে বা মেচেজ দুষ্ট তেতিয়াহ'লে লগে লগে সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ এই সমগ্ৰ দিশটো চোৱাচিতা কৰাৰ বাবে ইতিমধ্যে অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা দল গঠন কৰি দিয়াৰ লগতে ছ'চিয়েল মিডিয়াক নজৰত ৰখা বুলিও কয় ৷ জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যে এটা কন্ট্ৰোল ৰূম স্থাপন কৰা বুলি জানিবলৈ দি কিবা অভিযোগ থাকিলে ৯৪৩৫৭৩৬১১১ নম্বৰত জনাব পাৰিব বুলিও কয় ৷ তেওঁ এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশক লৈ যাতে জিলাখনত কোনো লোকে আইন - শৃংখলা অৱনতি হ'ব পৰা পৰিস্থিতিৰ সূচনা নকৰে, তাৰ বাবে ৰাইজলৈ আহ্বান জনাই সকলোকে সহায় - সহযোগ কৰাৰ বাবেহে আহ্বান জনায় ৷
- Log in to post comments
- 8 views