চিকিৎসালয়ৰ স্থান নিৰ্ধাৰণক লৈ চৰাইদেউ ডুৰিবাম চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

hospi

সোণাৰিৰ পৰা ঘন বৰা

চৰাইদেউ জিলাৰ ডিপ্লিং চাহ বাগিচাত স্থাপন কৰিবলৈ লোৱা চৰকাৰী চিকিৎসালয়ৰ স্থান নিৰ্ধাৰণক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিবাদ। উল্লেখযোগ্য যে বিগত সময়চোৱাত ডিপ্লিংচাহ বাগিচাৰ অন্তৰ্গত ডুৰিবাম ডিভিজনত নতুনকৈ চিকিৎসালয় নিৰ্মাণৰ বাবে চৰকাৰৰপৰা আৱণ্টন হৈছিল যদিও পৰৱৰ্তী সময়ত চিকিৎসালয়খন নিৰ্মাণৰ বাবে চৰকাৰী বিষয়াৰ লগতে বাগিচা পৰিচালকৰ উপস্থিতিত বাগিচাখনত স্থান নিৰ্ধাৰণ কৰি জোখ-মাখ লোৱা হৈছিল। কিন্তু পৰিতাপৰ কথা যে ডুৰিবাম ডিভিজনত স্থান নিৰ্ধাৰণ কৰি জোখ-মাখ কৰাৰ পাছতো শেহতীয়াকৈ চিকিৎসালয়খন ডিপ্লিংচাহ বাগিচাতহে স্থাপন কৰিবলৈ বাগিচা কৰ্তৃপক্ষই প্ৰস্তুতি চলায়। ইয়াকে লৈ আজি ডুৰিবাম ডিভিজন চাহ বাগিচাৰ শ্ৰমিকসকলে প্ৰতিবাদ জনায়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত এক কোটি ২৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা উক্ত চিকিৎসালয়খন নিৰ্মাণ হ'লে ডুৰিবাম চাহ বাগিচাৰ সহস্ৰাধিক শ্ৰমিক পৰিয়াল উপকৃত হ'ব। কিন্তু চাহ বাগিচাৰ শ্ৰমিকসকলৰ দাবীক আওকাণ কৰি বাগিচা কৰ্তৃপক্ষই মইমতালিৰে স্থান সলনি কৰিবলৈ লোৱাত ডুৰিবাম চাহ বাগিচাৰ শ্ৰমিকসকল ক্ষুব্ধ হৈ পৰে আৰু আজি বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে চিকিৎসালয়খন ডুৰিবাম ডিভিজন চাহ বাগিচাত স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিলে শ্ৰমিকসকলে বাগিচা বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে।

Your Comments