চৰাইদেউৰ বৰহাটত বিভিন্ন দল সংগঠন উদ্যোগত ২ ঘণ্টীয়া অৱস্থান কাৰ্যসূচী

atsa

সোণাৰিৰ পৰা ঘন বৰা

চৰাইদেউ জিলাৰ বৰহাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমীপত আছু, আটছা আদি বৰহাটৰ বিভিন্ন দল সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত আজি বৰহাট প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বিভিন্ন সমস্যাসমূহ স্থায়ী সমাধানৰ দাবীত ২ ঘণ্টীয়া অৱস্থান কাৰ্যসূচী পালন কৰে। বৰহাট প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বিভিন্ন সমস্যাৰ লগতে বিশেষকৈ স্বাস্থ্যকেন্দ্ৰখনত স্থায়ী চিকিৎসক নিযুক্তি, ৩০খন বিছনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণ, আবাসগৃহ নিৰ্মাণ,  বিভিন্ন ৰোগৰ পৰীক্ষাগাৰ স্থাপন অচিৰেই কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰলৈ দাবী জনায়।

Your Comments