বঙাইগাঁওঃ
বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁৱত বুধবাৰে আবেলিৰ ভাগত উত্তৰ বঙাইগাঁও আৰক্ষীয়ে এক অভিযান চলাই ড্ৰাগছসহ এজন যুৱকক আটক কৰে ৷ আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী যুৱকজন কোকৰাঝাৰ জিলাৰ দেৱৰগাঁৱৰ বিশ্বজিৎ ইছলাৰী(১৮) বুলি জানিব পৰা গৈছে ৷ এই সন্দৰ্ভত উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এক নিৰ্দিষ্ট খবৰৰ ভিত্তিত আবেলি তিনি মান বজাত বঙাইগাঁও চাপাগুৰি পথৰ উত্তৰ বঙাইগাঁৱৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ সন্মুখৰ পৰা ড্ৰাগছসহ যুৱকজনক আটক কৰে ৷
আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনৰ পৰা ৭০০ মিলিগ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে ৷ ড্ৰাগছখিনি সাতটা কন্টেনাৰত আছিল ৷ আৰক্ষীয়ে বিশ্বজিৎ ইছলাৰী নামৰ যুৱকজনে ব্যৱহাৰ কৰা এ এছ ১৬ জি ৪৮৯২ নম্বৰৰ এখন ৰয়েল এনফিল্ড মটৰ চাইকেল আৰু এটা মোবাই হেণ্ডচেটো জব্দ কৰে ৷ আৰক্ষীয়ে যুৱকজনক সোধ- পোছ অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে বঙাইগাঁও চহৰৰ লগতে সমগ্ৰ জিলাখনতে এতিয়া ড্ৰাগছৰ বেহা অব্যাহত থকাৰ লগতে ইয়াৰ প্ৰতি বহু যুৱক - যুৱতী আসক্ত হৈ পৰিছে ৷
- Log in to post comments
- 8 views