শিৱসাগৰত জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু পৰ্য্যালোচনা সমিতিৰ বৈঠক

sibsaga

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়গোহাঁই

 যোৰহাটৰ লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ অধ্যক্ষতাত আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু পৰ্য্যালোচনা সমিতি (দিশা) ৰ এক বৈঠক অনুষ্ঠিত হয়। বৈঠকত সাংসদ গৰাকীয়ে জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন জনহিতকৰ আৰু উন্নয়নমুখী আঁচনিৰ অগ্ৰগতিৰ বিস্তৃতভাৱে বুজ লয়। আলোচনা কালত সাংসদ গৰাকীয়ে আঁচনি সমূহৰ ক্ষিপ্ৰ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এই বৈঠকত থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, জিলা উন্নয়ন আয়ুক্ত জোনমণি সোনোৱাল, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া শেৱালি বৰদলৈ, অতিৰিক্ত উপায়ুক্ত মুন গগৈৰ লগতে খণ্ড উন্নয়ন বিষয়া সকল, সংশ্লিষ্ট বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে। 
উল্লেখযোগ্য যে, জিলা উন্নয়ন সমন্বয়ৰক্ষী আৰু পৰ্য্যালোচনা সমিতি (দিশা) ৰ এই বৈঠক অহা ২৪ আগষ্টতও অনুষ্ঠিত হ'ব।

Your Comments