জন্মাষ্টমীৰ পূৰ্বনিশা মেটেকাৰ দুটা নামঘৰত চুৰি:তীব্ৰ প্ৰতিক্ৰিয়া

Iswar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই

 

আজি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। ৰাজ্যৰ বিভিন্ন মন্দিৰ- নামঘৰত জন্মাষ্টমী পালনৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।কিন্তু এই আনন্দৰ দিনটোতে শিৱসাগৰৰ মেটেকা অঞ্চলবাসী এতিয়া শোকত ম্ৰিয়মান হৈ পৰিছে। কিয়নো জন্মাষ্টমীৰ পূৰ্ব নিশা মেটেকা অঞ্চলৰ দুটাকৈ নামঘৰত চুৰি কাৰ্য সংঘটিত হৈছে । 


ঘটনাৰ বিৱৰণীমতে,পুৱা ভকত-বৈষ্ণৱসকল জন্মাষ্টমীৰ বাবে নামঘৰলৈ আহি দেখে যে নামঘৰৰ মণিকূটৰ দুৱাৰ ভাঙি মণিকূটৰ বিভিন্ন সামগ্ৰী চোৰে লণ্ডভণ্ড কৰি পেলাই থৈ গৈছে।একে নিশাই মেটেকা বৰনামঘৰ আৰু মেটেকা নামঘৰত চোৰে চলালে লুটপাট। দুয়োটা নামঘৰত থকা দানপাত্ৰ সহিতে কাঁহৰ বাটি,ৰূপৰ ফুলকে ধৰি বিভিন্ন সামগ্ৰী চুৰি কৰি নিয়াৰ লগতে নামঘৰৰ আসন লুটিয়াই থৈ যায়। 


উল্লেখ্য যে অঞ্চলটোত গাঁও সুৰক্ষা বাহিনী থকাৰ পিছতো একে নিশাই দুটাকৈ নামঘৰত কেনেদৰে চুৰি কাৰ্য সংঘটিত হ'বলৈ পালে,তাক লৈ এতিয়া স্থানীয় ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ইয়াৰ পূৰ্বেও মেটেকাৰ নামঘৰত চাৰিবাৰকৈ চুৰি কাৰ্য সংঘটিত হৈছে।

Your Comments