বঙাইগাঁওঃ
বঙাইগাঁও সদৰ চহৰৰ তৰুণ ৰাম ফুকন পথত বৃহস্পতিবাৰে উন্মত্ত ষাঁড় গৰু এটাৰ আক্ৰমণত এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰৱক্তাৰ কৰুণ মৃত্যু ঘটে ৷ মৃত লোক জন গুৱাহাটী নিবাসী ৰতন চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে ৷ ৰতন চক্ৰৱৰ্তী বঙাইগাঁও পলিটেকনিকৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা আছিল ৷ এই শোকাৱহ ঘটনাটো দিনৰ আঢ়ৈমান বজাত সংঘটিত হয়। জানিব পৰা মতে গুৱাহাটীৰ সতী জয়মতী নগৰৰ বাসিন্দা তথা বঙাইগাঁও পলিটেকনিকৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা ৰতন চক্ৰৱৰ্তীয়ে বৃহস্পতিবাৰে নিজৰ পেঞ্চনৰ বিভাগীয় কামৰ লগতে বেংকৰ কামৰ বাবে বঙাইগাঁৱলৈ আহিছিল ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে ষাঁড় গৰুৰ আক্ৰমণৰ বলি হৈ মৃত্যু মুখত পৰে । ঘটনাটো বঙাইগাঁও চহৰৰ তৰুণ ৰাম ফুকন পথৰ হোটেল ৰাজ প্লেচৰ সন্মুখত সংঘটিত হয় ৷ ষাঁড় গৰুৰ আক্ৰমণত গুৰুতৰভাৱে আহত লোকজনক পিছত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে ৷ উল্লেখ্য যে বঙাইগাঁও চহৰত দীৰ্ঘদিনৰে পৰা কেবাটাও ষাঁড় গৰুৱে মুকলিকৈ বিচৰণ কৰি থকাত ৰাইজৰ মাজত আতংক বিৰাজ কৰি আহিছিল ৷ সেইদৰে মুকলিকৈ বিচৰণ কপা গৰাকীবিহীন গৰুৰ বাবে চহৰখনত দুৰ্ঘটনাও সংঘটিত হৈছে ৷ সেয়ে চহৰখনত মুকলিকৈ বিচৰণ কৰি ফুৰা গৰুসমূহ নিয়ন্ত্ৰণৰ বাবে চহৰবাসীয়ে বঙাইগাঁও পৌৰ সভাক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাই আহিছিল ৷ মাজে সময়ে কিছু পদক্ষেপ গ্ৰহণ কৰে যদিও বিষয়টোত গুৰুত্ব প্ৰদান কৰা নাছিল পৌৰসভাই ৷ কিন্তু ষাঁড় গৰুৰ আক্ৰমণত এজন লোকৰ মৃত্যু হোৱাৰ বাতৰি বিয়পি পৰাৰ পিছত বঙাইগাঁও পৌৰ সভাৰ বিৰুদ্ধে সৰৱ হৈ পৰে শতাধিক লোক ৷ ক্ষুদ্ধ লোকসকলে বঙাইগাঁও চহৰৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ সন্মুখত উপস্থিত হৈ কিছু সময়ৰ বাবে ৰাজপথচোৱা অৱৰোধ কৰি চহৰৰখনত মুকলিকৈ বিচৰণ কৰি ফুৰা গৰুসমূহ নিয়ন্ত্ৰণৰ দাবী জনায় ৷ লগতে এই বিষয়ত পৌৰসভাৰ উদাসীনতাকো সমালোচনা কৰে ৷ অৱশ্যে পিছত অৱৰোধস্থলীত বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমৰ চৌধুৰী, বঙাইগাঁও পৌৰ সভাৰ সভাপতি দীপু চৌধুৰী আদি উপস্থিত হৈ ছহখনত গৰু নিয়ন্ত্ৰণ কৰাৰ আশ্বাস প্ৰদান কৰাত ৰাইজে অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে ৷ ইতিমধ্যে উন্মক্ত ষাঁড় গৰুটোত কৰায়ত্ত কৰা হৈছে ৷এই ঘটনাই চহৰখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে মৃত ৰতন চক্ৰৱৰ্তীয়ে বিগত ২০১৮ বৰ্ষত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে ৷
- Log in to post comments
- 6 views