বৰপেটাৰোডত বিদ্যুৎৰ লুকা -ভাকুত অতিষ্ঠ ৰাইজ :বিভাগীয় কাৰ্যালয় ঘেৰাও সাত সংগঠনৰ

barpeta rd

বাস্কাৰ পৰা আমিনুল হকৰ প্রতিবেদন :

বৰপেটাৰোড বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত বৃহস্পতি বাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।বিদ্যুৎৰ লুকা-ভাকুত অতিষ্ঠ হৈ বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰিলে বাক্সাৰ ৭ টাকৈ সংগঠনে। বৰপেটাৰোডস্থিত বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়টো  ঘেৰাও কৰে  আছু, আছা, আক্ৰাছু, এবিএমছু, আমছু, সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চৰ লগতে কেইবাটাও সংগঠনে।

বিদ্যুৎ বিভাগ হায় হায়,বিদ্যুৎৰ সমস্যা সমাধান কৰক, শক্তি মন্ত্ৰী মুৰ্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিবেশ। উল্লেখ্য যে বিগত ছয় মাহে বৰপেটা ৰোড বিদ্যুৎ সংমণ্ডলৰ অধীনৰ ২ নং ফিডাৰৰ অধীনস্থ গোৱৰ্দ্ধনা, বাঁ‌হবাৰী, মানাহ , আনন্দ বজাৰ , কালপানী, নিমুৱা, খাৰিজা বিজনী, গাতি আদি অঞ্চলৰ ৰাইজ বিদ্যুৎৰ লুকা ভাকুত অতিষ্ঠ হৈ পৰাৰ অভিযোগ তুলি সংগঠনকেইটাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

Your Comments