বঙাইগাঁওঃ
অসমত শীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰ ( ইনাৰ লাইন পাৰ্মিট)ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দাবীত বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰা স্মাৰক পত্ৰখনত যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিয়ে উল্লেখ কৰা মতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্মলগ্নৰে পৰা ( ১৯৭৮ চনৰ ১২ মাৰ্চ) অসমত আন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত সংগ্ৰাম চলাই আহিছে ৷ কিন্তু আজিলৈকে কোনো এখন চৰকাৰে ইয়াৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ, মিজোৰাম আৰু অৰুণাচলত পাৰ-পত্ৰৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে ৷ সেয়েহে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে খিলঞ্জীয়া ভাষা, সাহিত্য, সংস্কৃতি ৰক্ষাৰ লগতে আন্তঃ ৰাজ্যিক পাৰ পত্ৰৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব লাগে বুলি দাবী জনায় ৷ স্মাৰক পত্ৰখন জিলা উপায়ুক্তৰ হৈ জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱীয়ে গ্ৰহণ কৰে ৷ স্মাৰক পত্ৰখন প্ৰদান কৰাৰ সময়ত জিলা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মনোৰঞ্জন ভাগৱতীৰ লগতে জিলা সমিতিৰ কেইবাজনো বিয়ষববীয়া উপস্থিত আছিল ৷
- Log in to post comments
- 9 views