বিজনীত সাংবাদিকৰ মোবাইললৈ অশ্লীল ভিডিঅ প্ৰেৰণঃ  থানাত এজাহাৰ দাখিল 

bgn

বঙাইগাঁওঃ

চিৰাং জিলাৰ বিজনীৰ বৈদ্যুতিন মাধ্যমৰ স্থানীয় সংবাদদাতা এজনৰ মোবাইল ফোনলৈ "ৱাটচএপ"ৰ জৰিয়তে কোনো  অজ্ঞাত  নম্বৰ এটাৰ পৰা বাৰম্বাৰ অশ্লীল ভিডিঅ তথা ছবি প্ৰেৰণ কৰাত অতিষ্ঠ হৈ অৱশেষত সাংবাদিক গৰাকীয়ে উক্ত নম্বৰৰ বিৰুদ্ধে বুধবাৰে বিজনী থানাত এখন এজাহাৰ দাখিল কৰে। বিজনীৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা তথা বিজনী প্ৰেছ ক্লাবৰ সদস্য মিণ্টু তালুকদাৰ এটা বৈদ্যুতিন মাধ্যমৰ বিজনীৰ স্থানীয় সংবাদদাতা। যোৱা ২০ আগষ্টৰ নিশা প্ৰায় ৮ বজাৰ পৰা কোনো অজ্ঞাত লোকে   ৬০০২২৪৩০৮৯ নম্বৰৰ  মোবাইল ফোনৰ পৰা ৱাটচএপৰ জৰিয়তে অশ্লীল ভিডিঅ তথা ছবি সাংবাদিক জনৰ ৱাটচএপলৈ প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰে। তাৰোপৰি উক্ত নম্বৰৰ পৰা অজ্ঞাত লোকজনে ফোন কৰি মিণ্টু তালুকদাৰক  অশ্লীল গালি-গালাজ পাৰিবলৈ আৰম্ভ কৰাৰ লগতে ভিডিঅ কলিং কৰিও হাৰাশাস্তি কৰিবলৈ ধৰে  । অৱশেষত সাংবাদিকজনে অতিষ্ঠ হৈ  উক্ত মোবাইল ফোনৰ নম্বৰৰ বিৰুদ্ধে কালি বিজনী থানাত এখন এজাহাৰ দাখিল কৰে । সাংবাদিক গৰাকীৰ এজাহাৰৰ ভিত্তিত   বিজনীৰ আৰক্ষীয়ে ২৭৮/১৯ নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । ইফালে, বিজনী প্ৰেছ ক্লাবে উক্ত ঘটনাক তীব্ৰ গৰিহণা দি শীঘ্ৰেই দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনাইছে।

Your Comments