ৰৌতা আৰক্ষীৰ বৃহৎ সাফল্য,প্ৰায় ৫০ কিলোগ্ৰাম গাঞ্জা সহ এজনক গ্ৰেপ্তাৰ 

odalguri

ওদালগুৰিৰ পৰা হেমন্ত শৰ্মাৰ প্রতিবেদন :

ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত আমিনপাৰা গাঁৱত বৃহস্পতিবাৰে ৰৌতা আৰক্ষীয়ে এক অভিযান চলাই প্ৰায় ৫০ কিলোগ্ৰাম গাঞ্জা জব্দ কৰাৰ উপৰি এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।ৰৌতা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত বৰুৱাই জনোৱা মতে, এক গোপন খবৰৰ পম খেদি আমিনপাৰা গাঁৱৰ নুৰ হুছেইন নামৰ ব্যক্তিজনৰ ঘৰত ৰাতিপুৱা ১০ মান বজাত অভিযান চলায়। অভিযান কালত ব্যক্তিজনৰ নিজ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জাখিনি উদ্ধাৰ কৰাৰ লগতে নুৰ হুছেইনকো আটক কৰি ৰৌতা আৰক্ষী থানালৈ লৈ আহে ।পিছত আৰক্ষীয়ে নিজাববীয়াকৈ আই পি চি২০চি ধাৰাত আৰু ১১৪/১৯নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।

Your Comments