নাৰায়ণপুৰৰ পৰা বিশ্ব প্ৰসাদ বৰাৰ প্রতিবেদন :
এগৰাকী বয়োবৃদ্ধ মহিলা ৷ নাম মণি দত্ত ৷ আছে ভোটাধিকাৰ কিন্তু নাপাই কোনো চৰকাৰী সা-সুবিধা ৷ নিমখ তেলেই আইতাৰ খাদ্য ৷ বোকা - পানীৰ মাজতেই এইগৰাকী আইতাৰ বাসগৃহ ৷
লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বানেধোৱা আঠানীবড়ীৰ দ্ৰোৰপাং নদীৰ পাৰত আইতাগৰাকীয়ে বাস কৰে জুপুৰীসদৃশ এটা বাসগৃহত ৷ নিজ পুত্ৰ - বোৱাৰী থকাৰ পিছতো এমুঠি অন্নৰ বাবে এতিয়াও হাহাকাৰ কৰিব লাগে এই ৭০ৰ উদ্ধৰ অইতাগৰাকীয়ে ৷ স্বামীহাৰা আইতগৰাকীৰ নিজ পুত্র স্বাস্থ্য বিভাগৰ মৃত্যুঞ্জয় সেৱাৰ ১০৮ চালক যদিও মাকৰ খবৰ লবলৈ আহৰি নাই পুত্ৰৰ। অতি বিপদসংকুল ভাবে একপ্ৰকাৰ সাপ বেংৰ সৈতে সহসৱস্থান কৰি থাকিবলৈ বাধ্য হোৱা আইতাগৰাকীয়ে এটা চৰকাৰী আবাসগৃহৰ বাবে নিজ পঞ্চায়তৰ লগতে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকা কাষলৈ তাঁতবাটি কৰি কৰি ভাগৰি পৰা বুলি ব্যক্ত কৰি সংবাদমাধ্যমৰ আগত চকুপানী মুচি ক'লে এতিয়া মোৰ বাবে আত্মহত্যাৰ বাহিৰে আন কোনো বিকল্প নাই। বিভিন্ন ৰোগত আক্ৰান্ত হৈ মানসিক শক্তি হেৰুৱাই পেলোৱা এইগৰাকী দুৰ্ভগীয়া আইতাক এতিয়া প্ৰয়োজন কোনো সদাশয় ব্যক্তিৰ সহায়ৰ ৷
- Log in to post comments
- 10 views