সোণাৰিৰ পৰা ঘন বৰা
চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ হ'বলৈ মাজত মাথোঁ কেইটামান দিন বাকী। শুদ্ধ আৰু বিদেশী মুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ লগতে খচৰাত প্ৰকৃত ভাৰতীয়ৰ নাম কৰ্তন কৰা বুলি অভিযোগ তুলি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে আজি উত্তাল কৰিলে চৰাইদেউ জিলাৰ সদৰ সোণাৰি। সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰি নগৰত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে সমদল কৰি চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বাংলাদেশী লোকৰ নাম যাতে অন্তৰ্ভুক্ত নহয় তাক নিশ্চিত কৰিবলৈ চৰাইদেউ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ছাত্ৰ সংগঠনটোৱে।
- Log in to post comments
- 6 views