কাঞ্চনজংঘাৰ প্ৰচাৰ চলাবলৈ শিৱসাগৰত জুবিন :শিৱদ'লত আৰ্শীবাদ ল'লে শিল্পী গৰাকীয়ে

zubin

শিৱসাগৰৰ  পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্রতিবেদন :

অহা ৬ ছেপ্তেম্বৰত মুক্তি পাবলগীয়া জুবিন গাৰ্গৰ ছবি "কাঞ্চনজংঘা"ৰ প্ৰচাৰৰ বাবে আজি তিনিদিন ধৰি শিৱসাগৰত আছে জুবিন গাৰ্গ। শিৱসাগৰৰ বিভিন্ন স্থানত ছবিখনৰ প্ৰচাৰ চলাইছে জুবিনৰ লগতে ছবিখনৰ বহু কেইগৰাকী অভিনেতা অভিনেত্ৰীয়ে। 

 কাঞ্চনজংঘাৰ সাফল্য বিচাৰি আজি  শিৱসাগৰৰ ঐতিহাসিক শিৱদ'লত পূজা কৰিলে জুবিন গাৰ্গ আৰু কাঞ্চনজংঘাৰ টীমে। শিৱদ'লৰ কুণ্ডত গাখীৰ ঢালি  জুবিনে আৰ্শীবাদ লয় মহাদেৱৰ। 

উল্লেখ্য যে কিছুদিন পূৰ্বে ব্ৰাহ্মণ সমাজক আৰু লগুনক লৈ জুবিনে কৰা মন্তব্যত জাঙুৰ খাই উঠিছিল ব্ৰাহ্মণ সমাজ। পৰৱৰ্তী সময়ত জুবিনে ব্ৰাহ্মণ সমাজৰ ওচৰত লিখিতভাৱে ক্ষমা খুজি সকলো বিতৰ্কৰ ওৰ পেলায় আৰু আজি শিল্পী গৰাকীয়ে শিৱ দ'লত পূজা কৰি পূজাৰীৰ ওচৰত  আৰ্শীবাদো লয়। 

"মই শিৱক ভাল পাও। মোৰ ছবি মিচন চাইনাত শিৱ মন্ত্ৰ ব্যৱহাৰ কৰিছো, "কাঞ্চনজংঘাত"য়ো হিমালয় মন্ত্ৰ ব্যৱহাৰ কৰিছো। শিৱ ট্ৰাইবেল ভগৱান আছিল। শিৱ এগৰাকী মিউজিচিয়ান আছিল, তেওঁ নৃত্য ও কৰিছিল। সেইবাবে মই শিৱক ভাল পাও"। 
'দেশৰ বিভিন্ন শিৱ মন্দিৰ মই দৰ্শন কৰিছো। শিৱসাগৰৰ ঐতিহাসিক শিৱ মন্দিৰত পূজা কৰি, মন্দিৰ দৰ্শন কৰি বহুত ভাল লাগিল বুলি  মন্তব্য কৰে শিল্পী গৰাকীয়ে।

জুবিনে লগতে কয়, তেওঁ পৰৱৰ্তী ছবি শিৱসাগৰত বনাব।  সকলোকে অহা ৬ ছেপ্তেম্বৰত অসমৰ ছবিগৃহত মুক্তি পাবলগীয়া অসমীয়া ছবি "কাঞ্চনজংঘা" চাবলৈও আহ্বান জনায়।

Your Comments