নলবাৰী জিলাৰ তিলানা গাঁৱত পূজাৰ প্ৰসাদ খাই অসুস্থ কেইবাজনো লোক

prasad

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

 

নলবাৰী জিলাত সত্য নাৰায়ণ পূজাৰ প্ৰসাদ খাই অসুস্থ হৈ পৰে কেইবাজনো লোক।নলবাৰী চহৰৰ পৰা কিছু নিলগৰ তিলানা গাঁৱত সংঘটিত হৈছে এই ঘটনা। গাওঁখনৰ এলেংগীদ'ল চুবুৰী নিবাসী দিনেশ বৰুৱাৰ ঘৰত সত্য নাৰায়ণ পূজাৰ বুট-মাহ আৰু পিঠাগুড়ি খোৱাৰ পিছৰে পৰা পেটচলা ৰোগত আক্ৰান্ত হয় শিশু-মহিলাসহ তেৰজনতকৈও অধিক লোক। একেটা পৰিয়ালৰে আক্ৰান্ত হয় পাঁচজনকৈ লোক।শনিবাৰে পূজা চলিছিল দিনেশ বৰুৱাৰ ঘৰত।আক্ৰান্ত লোকসকলক সোমবাৰে সন্ধিয়া ভৰ্তি কৰোৱা হয় নলবাৰী অসামৰিক চিকিৎসালয়ত। ইফালে,চিকিৎসালয়ত পৰ্যাপ্ত বিচনাৰ অভাৱত মজিয়াত শুই আক্ৰান্ত ৰোগীসকলে চিকিৎসকৰ পৰা গ্ৰহণ কৰিছে চিকিৎসা।

Your Comments