সমগ্র দেশৰ লগতে আজি চাপৰ বাসী ৰাইজেও দিনযোৰা বিভিন্ন কার্যসূচীৰে ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে ৷ স্বাধীনতা দিৱস উদযাপন সমিতিৰ প্রস্তাব মর্মে পুৱা ৭:০০ বজাত ঘৰে ঘৰে পতাকা উত্তোলন,৭:৩০ বজাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত পতাকা উত্তোলন কৰা হয় ৷পুৱা ৮ বজাত চাপৰ অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা সহস্ৰাধিক ছাত্ৰ ছাত্ৰী আহি চাপৰ গান্ধী ময়দানত উপস্থিত হয় ৷
হাজাৰ-হাজাৰ ছাত্র-ছাত্রীৰ আৰু ৰাইজৰ উপস্থিতিত ৮:৩০ বজাত প্রাক্তন মুখ্য মন্ত্রী প্রয়াত জন নেতা শৰৎ চন্দ্র সিংহ আৰু গোৱালপাৰীয়া লোক গীত সম্রাজ্ঞী প্রয়াত প্রতিমা বৰুৱা পান্ডেৰ প্রতিমূৰ্তিত মাল্যদান কৰে ক্রমে ভৱানন্দ মেধি আৰু অৰুণ সিংহই ৷ ৮:৪৫ বজাত দেশৰ বাবে শ্বহীদ হোৱা বীৰ জোৱানসকলৰ প্রতি শ্রদ্ধাঞ্জলি জনাই প্রাক্তন শিক্ষক তথা সমাজ সেৱক প্রসন্ন কুমাৰ দাসে বন্তি প্রজ্বলন কৰে ৷
পুৱা ৯:০০ বজাত কেন্দ্রীয়ভাবে জাতীয় পতাকা উত্তোলন কৰে চাপৰ চক্র বিষয়া নৱজিৎ পাঠকে ৷ পতাকা উত্তোলনৰ পিছত স্বাধীনতা দিবসৰ তাৎপর্য সম্পৰ্কে বক্তব্য আগবঢ়াই উত্তোলক গৰাকীয়ে ৷ ৯:৩০ বজাত উদযাপন সমিতিৰ তৰফৰ পৰা ১০ গৰাকী কৃতী ছাত্র-ছাত্রীক সম্বর্ধনা জনোৱা হয় ।১০ বজাত স্থানীয় চিকিৎসালয়ত থকা ৰোগী সকলৰ মাজত ফল-মূল বিতৰণ কৰা হয় ৷
১০:৩০ বজাৰ পৰা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীযে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।চাপৰ আৰক্ষীৰ কট-কটীয়া নিৰাপত্তা আৰু ৰাইজৰ পূৰ্ণ সহায় সহযোগিতাত অনুষ্ঠানটোৰ সকলো কাৰ্য্যসূচীৰ সুকলমে সামৰণি পৰে। দুপৰীয়া ১২ বজাৰ পৰা স্বাধীনতা দিৱস উপলক্ষে বাইক ৰেলী ওলোৱা হয় ৷ স্বাধীনতা দিৱসৰ জয় গানেৰে উত্তাল হৈ উঠে চাপৰ নগৰৰ ৰাজআলি ৷
- Log in to post comments
- 40 views