কাটালিনা চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া এলভিছ আলী হাজৰিকা

elvis

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কাটালিনা চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছে সন্তৰণবিদ  এলভিছ আলী হাজৰিকা।আমেৰিকাৰ পৰা কাটালিনা প্ৰণালী পাৰ হৈ মেক্সিকোৰ সমুদ্ৰ-তীৰত উপস্থিত হোৱাৰ লগে লগে এই অভিলেখ গঢ়ে এলভিছে।এলভিছ আৰু  প্ৰাক্তন আন্তৰ্জাতিক সাঁতোৰবিদ ৰিমু সাহাই ৰীলে সাঁতোৰত অৱতীৰ্ণ হৈ ১০ ঘণ্টা ৫৯ মিনিটত ৪০ কি:মি: দৈৰ্ঘ্যৰ কাটালিনা চেনেলটো অতিক্ৰম কৰে।

 

উল্লেখ্য যে কাটালিনা শ্বাৰ্কৰ বিচৰণথলী হোৱাৰ ভয়াৱহতাকো আওকাণ কৰি এলভিছ আৰু ৰিমুয়ে প্ৰণালীটো অতিক্ৰম কৰে।আনহাতে,এলভিছৰ যাত্ৰাপথত আছিল বহু ডলফিন।স্মৰ্তব্য যে এলভিছ আলী হাজৰিকাই তেওঁৰ এই সাঁতোৰ অভিযান উৎসৰ্গা কৰিছিল দুৰ্বৃত্তৰ হাতত নিহত হোৱা নীলোৎপল দাস আৰু অভিজিৎ নাথৰ স্মৃতিত।

Your Comments