অৱশেষত স্বীকৃতি পালে দৰঙৰ লোকশিল্পী কুলেন্দ্ৰ নাথে । দৰঙী কলাকৃষ্টিৰ আজন্ম সাধক তথা লুপ্তপ্ৰায় লোকবাদ্য কালীৰ একমাত্ৰ শিল্পী কুলেন্দ্ৰ নাথে লাভ কৰিছে এইবাৰৰ ৰাজ্য চৰকাৰৰ শিল্পী পেন্সন ৷
খবৰটোৱে স্বাভাৱিকতে ছিপাঝাৰৰ লগতে সমগ্ৰ দৰঙতে আনন্দৰ লহৰ তুলিছে ৷
১৯৩৯ চনত ছিপাঝাৰৰ ভুৱাপাৰাত জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পীয়ে ঐতিহ্যমণ্ডিত এই কৃষ্টিবিধ একক প্ৰচেষ্টাৰে জীয়াই ৰাখিবলৈ চেষ্টা কৰি আহিছে ৷
উল্লেখ্য যে লোককৃষ্টিৰ মেটমৰা সম্ভাৰেৰে ভৰপূৰ দৰং জিলা ৷ কিন্তু সংৰক্ষণ, চৰ্চা আৰু প্ৰচাৰ-প্ৰসাৰৰ অভাৱ তথা নৱপ্ৰজন্মৰ অনীহাৰ বাবে বহু কেইবিধ আপুৰুগীয়া কৃষ্টি সময়ৰ সোঁতত হেৰাই যোৱাৰ উপক্ৰম ঘটিছে ৷
তেনে ক্ষেত্ৰত এইগৰাকী প্ৰচাৰবিমুখ আৰু বঁটা-বাহনৰ প্ৰতি কোনো লালসা নথকা লোককৃষ্টিৰ ধাৰক-বাহকে ৭৯ বছৰ বয়সতো এই কৃষ্টিবিধক জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা চলাই আহিছে ৷
উল্লেখ্য যে অসমৰ একমাত্ৰ আৰু ভাৰতীয় ধ্ৰুপদী সংগীতৰ অন্যতম বাদ্য চেহনাইৰ লোকবাদ্য সংস্কৰণ এই কালী বাদ্য আৰু ইয়াৰ শিল্পী এতিয়া পাবলৈ নাই ৷
'দৰঙৰ বিছমিল্লা খান'ৰূপে পৰিচিত আৰু কুলেন্দ্ৰ নাথ কালীয়া হিচাপে খ্যাত এইগৰাকী গণশিল্পীয়ে যথেষ্ট কষ্টেৰে ইয়াক জীয়াই ৰাখিছে ৷
অৱশ্যে তেখেতে এই স্বীকৃতি পাবলৈ বহু দিন অপেক্ষা কৰিবলগা হ'ল ৷ শিল্পীগৰাকীক শিল্পী পেন্সন তথা এক চৰকাৰী স্বীকৃতিৰ বাবে বিভিন্ন সময়ত বিভিন্ন দল-সংগঠনে চৰকাৰৰ ওচৰত আবেদন-নিবেদন কৰি আহিছিল ৷
ৰজাঘৰ-প্ৰজাঘৰ সকলোতে অপূৰ্ব কালী বাদনেৰে সকলোকে মোহিত কৰা এইগৰাকী লোকশিল্পীৰ কিন্তু নাই কোনো উচ্চ অভিলাষ ৷ দুবেলা-দুমুঠি যোগাৰ কৰি জীৱন নিৰ্বাহ কৰি অহা এইগৰাকী মাটিৰ শিল্পী সম্প্ৰতি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছে ৷
এইগৰাকী মহান শিল্পীলৈ শেহতীয়াভাৱে অহা এই সন্মান তথা স্বীকৃতিয়ে তেওঁক কিছু সুখানুভূতি প্ৰদান কৰিছে আৰু ইয়াৰ দ্বাৰা লোককৃষ্টিৰ চৰ্চাত ব্ৰতী হৈ থকা নৱপ্ৰজন্মক নিশ্চয় ৎসাহিত কৰিব ৷
- Log in to post comments
- 25 views