নিউজ ডেস্ক:
'ৰিডিমিক্স ইন্টাৰনেচনেল ডেঞ্চ ষ্টুডিঅ'ৰ উদ্যোগত দেওবাৰে গুৱাহাটীৰ চেণ্ট্ৰেল মল'ৰ 'দ্য ভিউ ৰেষ্টোৰাঁ এণ্ড লাউঞ্জ,এক্সোটিকা গ্ৰীনছ'ত উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে 'জুম্বা ইন দ্য ক্লাৱ' শীর্ষক কাৰ্যসূচী অনুষ্ঠিত হৈ যায়।দিনৰ ১০.৩০বজাৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত উপস্থিত থাকে উত্তৰ-পূৰ্বাঞ্চলৰ জুম্বা শিক্ষাৰ বিশেষজ্ঞ অজয় ৰয়। ইয়াৰ উপৰিও এই অনুষ্ঠানত উপস্থিত থাকে 'জুম্বা' গুৱাহাটীৰ আন ছয়গৰাকীকৈ প্ৰশিক্ষক।লগতে,অনুষ্ঠানত বহুসংখ্যক যুৱক-যুৱতীয়ে জুম্বা ফিটনেচত অংশগ্ৰহণ কৰে।
আনহাতে,অনুষ্ঠানটোৰ আঁত ধৰি আয়োজক 'ৰিডিমেক্স ইন্টাৰনেচনেল ডেঞ্চ ষ্টুডিঅ'ৰ পৰিচালন সঞ্চালিকা বিনীতা দাসে কয়-'জুম্বা ইন দ্য ক্লাব' অনুষ্ঠানটো আয়োজন কৰাৰ মূল উদ্দেশ্য হ'ল জুম্বাৰ বিষয়ে জনসাধৰণৰ মাজত সজাগতা বৃদ্ধি কৰা।
লগতে তেওঁ কয় যে জুম্বা প্ৰশিক্ষণৰ দ্বাৰা কেৱল শাৰীৰিক ব্যায়ামেই যে ল'ব পাৰি তেনে নহয়,ইয়াৰ দ্বাৰা সংগীতৰ এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰি সংগীতৰ আনন্দও লাভ কৰিব পাৰি।জুম্বাৰ দ্বাৰা সমাজৰ বিভিন্ন শ্রেণীৰ মানুহৰ মাজত এটা ভাল সম্পৰ্ক গঢ়ি তুলিব পাৰি।
- Log in to post comments
- 27 views