নিউজ ডেস্ক:
'১৯ খন জিলাত অসম চুক্তিৰৰ দ্বাৰা ভাৰতীয় নাগৰিকত্ব লাভ কৰা এটা বিশেষ গোষ্ঠীৰ দপদপনি বৃদ্ধি পাইছে।'দেওবাৰে মহানগৰীৰ হোটেল নিবেদনত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে জনগোষ্ঠীয় সমন্বয় পৰিষদৰ আহ্বায়ক মমিনুল আৱালে।
সংবাদমেলখনত মমিনুল আৱালে কয়-'অসম চুক্তিৰ দ্বাৰা ১৯৫১ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৫০ লাখ লোকক নাগৰিকত্ব প্ৰদান কৰা হ'ল।'
'এই বিশেষ গোষ্ঠীৰ লোকসকলক নাগৰিকত্ব দিয়াৰ ফলত অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকল এতিয়া সমস্যাৰ সন্মুখীন হৈছে'-আৱালে কয়।এই বিশেষ গোষ্ঠীটো পূৰ্ববংগীয় মুছলমান বুলি আৱালে মন্তব্য কৰে।
আনহাতে,একেখন সংবাদমেলৰ জৰিয়তে অসম চুক্তিত সন্নিৱিষ্ট ৬ নং দফা অনুসৰি অসম চুক্তিৰ দ্বাৰা ক্ষতিগ্ৰস্ত জনগোষ্ঠীসমূহকহে সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান কৰিব লাগে বুলি চৰকাৰক দাবী জনাই মমিনুল আৱালে।আৱালে লগতে কয়- 'সাংবিধানিক ৰক্ষাকৱচৰ দ্বাৰা অসমৰ গৰীয়া-মৰিয়া, দেশী,চাহ জনগোষ্ঠী,জলহা, মদাহী, কোচ ৰাজবংশী,তিৱা, ৰাভা আদি জনগোষ্ঠীৰ বাবে বিধানসভাত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে।'
ইফালে,শনিবাৰে ২১ টা জনগোষ্ঠীয় সংগঠনৰ যৌথ মঞ্চৰ জনগোষ্ঠীয় সমন্বয় পৰিষদ,অসমে মুখ্যমন্ত্ৰীৰ সৈতে এই বিষয়ত এক আলোচনাত মিলিত হয়। লগতে সমস্যা সমাধান কৰিবৰ বাবে এক স্মাৰকপত্ৰ প্ৰদান কৰে।যিসকলক ৫১ চনৰ পৰা ৭১ চনলৈকে ইতিমধ্যে অবৈধভাৱে নাগৰিকত্ব দিয়া হ'ল,সেইসকলক সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান নকৰিবৰ বাবেও পৰিষদে মুখ্যমন্ত্ৰীক আহ্বান জনায় বুলি আৱালে কয়।
দক্ষিণ শালমৰা, গৌৰীপুৰ, বিলাসীপাৰা পশ্চিম, গোৱালপাৰা পূব আৰু পশ্চিম, জলেশ্বৰ, উত্তৰ অভয়াপুৰী, জনীয়া, বাগবৰ , সৰু ক্ষেত্ৰী, চেঙা, লাহৰীঘাট, ধিং, ৰূপহীঘাট,যমুনামুখ, নাওবৈচা আদি সমষ্টিত পূৰ্ববংগীয় মুছলমানৰ দপদপনি বৃদ্ধি পাইছে বুলি দাবী কৰি আৱালে কয় যে ইয়াৰ প্ৰভাৱ খিলঞ্জীয়া ভূমিপুত্ৰৰ ওপৰত পৰিছে।ইয়াৰ ফলত খিলঞ্জীয়া ভূমিপুত্ৰসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে বুলিও তেওঁ মন্তব্য কৰে।
- Log in to post comments
- 66 views