তেজপুৰ মানসিক চিকিৎসালয় পৰা বঙাইগাঁৱৰ মানসিক ৰোগী নিৰুদ্দেশ

bgn

 বঙাইগাঁওঃ 

বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰজানা মধুফল গাঁৱৰ প্ৰয়াত আবুল হুছেইনৰ পুত্ৰ নুৰ আলম (৩৫) নামৰ মানসিক ৰোগী এজন  ৩১ জুলাইৰ পৰা তেজপুৰ মানসিক চিকিৎসালয় চৌহদৰ পৰা নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে নিৰুদ্দিষ্ট নুৰ আলমৰ ভাতৃ জয়নাল আবেদিনে নিৰুদ্দেশ হোৱা ব্যক্তি জনক ৩১ জুলাইত তেজপুৰ মানসিক চিকিৎসালয়ত চিকিৎসাৰ বাবে নিছিল। দুৰ্ভাগ্যৰ বিষয় যে তেজপুৰ মানসিক চিকিৎসালয়ত নুৰ আলমক চিকিৎসকক দেখুৱাৰ পূৰ্বে এবাৰ পঞ্জীয়ণ শ্লিপ লোৱাৰ পিছত দ্বিতীয়বাৰ শ্লিপ লৈ থকাৰ সময়তে মানসিক ৰোগীগৰাকী নিৰুদ্দেশ হৈ যায় । পিছত জয়নাল আবেদিনে চিকিৎসালয়খনৰ চাওৰিফালে বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান উলিয়াবলৈ সক্ষম ন'হল। পিছত উপায়ন্তৰ হৈ জয়নাল আবেদিনে ২ আগষ্টত নুৰ আলম নিৰুদ্দেশ হোৱা ঘটনা সন্দৰ্ভত তেজপুৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে। কোনো সদাশয় লোকে নিৰুদ্দিষ্ট নুৰ আলমৰ কিবা সম্ভেদ লাভ কৰিলে ৯৯৫৪৩৮৮১৩৬ ,৮৮৭৬৫৪৩৫১৪ আৰু ৬০০১৮০৩২৪১ নম্বৰৰ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।

Your Comments