নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
"নাটক হৈছে এনে এবিধ কলা যিয়ে সমাজ সংস্কাৰ কৰি তুলিব পাৰে । নাটকত অভিনয়ৰ জৰিয়তে মানুহে সমাজৰ জীৱন্ত ছবি এখন তুলি ধৰে । আজি কালি অভিভাৱক সকল নিজৰ সন্তানক লৈ বহু সচেতন । অকল কিতাপৰ জ্ঞানে মানুহক জ্ঞানী কৰি নোতোলে ।মানুহ হিচাপে জীয়াই থাকিবলৈ শিক্ষাৰ লগতে সাহিত্য আৰু সংস্কৃতিৰ জ্ঞানৰ প্ৰয়োজন" -- শনিবাৰে "ৰূপান্তৰ"ৰ নাট আৰু অভিনয় কৰ্মশালাত উপস্থিত হৈ এই এই মন্তব্য কৰে নগাঁও জিলাৰ পাখিমৰীয়া খণ্ড উন্নয়ন বিষয়া শেৱালি চক্ৰৱৰ্তীয়ে । যোৱা ১৬ জুলাইৰ পৰা সমাজ সাহিত্য সংস্কৃতি মঞ্চ ৰূপান্তৰৰ উদ্যোগত অনুষ্ঠিত হৈ থকা নাট আৰু অভিনয় কৰ্মশালাত শনিবাৰে প্ৰশিক্ষাৰ্থী সকলৰ লগত পাখিমৰীয়া খণ্ড উন্নয়ন বিষয়া গৰাকীৰ সৈতে এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় । "ৰূপান্তৰ"ৰ অধ্যক্ষ তথা প্ৰধান সম্পাদক গৌৰাংগ বৰাই আঁত ধৰা মত বিনিময় অনুষ্ঠানটিত দক্ষিণপাট পঞ্চায়তৰ সম্পাদক প্ৰিয়াংকু ভূঞাও উপস্থিত থাকে । উল্লেখ্য যে ১১ আগষ্টত সামৰণি পৰিবলগীয়া "ৰূপান্তৰ"ৰ কৰ্মশালাৰ এইবাৰৰ মুখ্য প্ৰশিক্ষক গৌৰাংগ বৰাৰ উপৰিও প্ৰশিক্ষণ প্ৰদান কৰে নাট্যকৰ্মী সোনমণি বেজবৰুৱা ,নাট্যপ্ৰেমী অভিজিৎ ভট্টাচাৰ্য আদিয়ে। অতিকে গ্ৰাম্য অঞ্চলত কণ কণ শিশু সকলৰ লগতে নতুন প্ৰজন্মক নাট অভিনয় তথা সংস্কৃতিৰ জ্ঞানৰ লগতে মানুহ গঢ়াৰ "ৰূপান্তৰ"-এ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাক কৰ্মশালাত উপস্থিত থকা প্ৰতিজনেই শলাগ লৈছে ।
- Log in to post comments
- 7 views