কুমাৰীকাটাৰ পৰা ধীৰজ উপাধ্যায় :
বৰ্তমান সময়ত দেশৰ সকলোবোৰ আগশাৰীৰ বেংকে গ্ৰাহক সেৱা কেন্দ্ৰৰ জৰিয়তে সেৱা আগবঢ়াই আছে । কিন্তু একাংশ গ্ৰাহক সেৱা কেন্দ্ৰত গ্ৰাহকসকল সন্মুখীন হৈছে বিভিন্ন সমস্যাৰ ৷ বাক্সা জিলাত একাংশ নিৰক্ষৰ লোকে গ্ৰাহক সেৱা কেন্দ্ৰসমূহত একাউণ্ট খুলি নিজৰ সাচতীয়া ধন উলিয়াব নোৱাৰি বিমুখ হৈ ঘৰমুৱা হ'বলগীয়া হৈছে।পিচে গ্ৰামাঞ্চলৰ এইসকল গ্ৰাহকৰ বাবে 'বায়োমেট্ৰিক পদ্ধতি' অবিহনে অন্য উপায়েৰে টকা উলিয়াব পৰা ব্যৱস্থা নকৰিলে নিজৰ সাঁচতীয়া ধন কেনেদৰে উলিয়াব পাৰিব সেয়া এতিয়াও অনিশ্চয়তাত ৷ লগতে Account stop, kyc, hold আদি বিভিন্ন সমস্যা থকা একাউণ্টবোৰ যাতে নিজৰ বেংকৰ শাখাই অতি সোনকালে খুলি দিয়াটো প্ৰয়োজন।গতিকে,চৰকাৰ তথা বেংকৰ কৰ্মচাৰীসকলে গ্ৰাহকসকলৰ সুবিধাৰ বাবে অতি সোনকালে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন মহলে দাবী উত্থাপন কৰিছে।
- Log in to post comments
- 13 views