শিৱসাগৰ-নাজিৰা পথ মোৰামতিৰ দাবীত ওলাই আহিল ৰাইজ:বিজেপি, হিমন্তবিশ্ব শৰ্মা মূৰ্দাবাদ ধ্বনি

sibsagar

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁইৰ প্ৰতিবেদন :

প্ৰায় এটা বছৰ পূৰ্বে প্ৰাক্তন গড়কপ্তানী(ৰাজ্যিক) মন্ত্ৰী তপন গগৈয়ে প্ৰাক্তন সাংসদ কামাখ্যা প্ৰদাস তাচাৰ উপস্থিতিত শিৱসাগৰৰ ষ্টেছন চাৰিআলিৰ পৰা বালিঘাট সংযোগী বি জি ৰোড বা নাজিৰা আলিটো উন্নিতকৰণৰ বাবে আধাৰশিলা কৰিছিল। কিন্তু অতি পৰিতাপৰ কথা যে এচ অ পি ডি (জি) ২০১৭-১৮ বৰ্ষৰ শিতানত আধাৰশিলা কৰাৰ এবছৰ উকলি যোৱাৰ পাছতো আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল ১৪ কিলোমিটাৰৰ এই পথচোৱা। বিশেষকৈ শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিৰ পৰা চেৰেকাপাৰ পৰ্যন্ত এই পথচোৱাত বৃহৎ বৃহৎ পুখুৰী সদৃশ গাতৰ বাবে জনসাধাৰণৰ যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে। এই পথচোৱাৰে দৈনিক হাজাৰ হাজাৰ সৰু ডাঙৰ গাড়ী চলাচল কৰে। তাৰোপৰি অ'এনজিচিৰ বৃহৎ বৃহৎ গাড়ীও এই পথেদিয়েই লাকুৱা গেলেকীৰ তৈলক্ষেত্ৰলৈ  চলাচল কৰে। sib

সদাব্যস্ত এই পথটো এটা বছৰে মেৰামতি নকৰাত শুকুৰবাৰে ৰাজপথলৈ ওলাই আহিল অঞ্চলটোৰ কেইবাশতাধিক লোক। হাতত প্লেকাৰ্ড লৈ পথটো দুঘন্টাৰ বাবে অৱৰোধ কৰে স্থানীয় ৰাইজে। এটা বছৰে পথটো মেৰামতি কৰিব নোৱাৰা বিজেপি চৰকাৰ আৰু গড়কপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনিৰে উত্তল প্ৰতিবাদ সাব্যস্ত কৰে এই সকল ভুক্তভোগী ৰাইজে। অৱৰোধৰ অন্তত স্থানীয় ৰাইজে জিলা উপায়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে আৰু আগন্তুক ১৫ দিনৰ ভিতৰত মেৰামতি কৰিবলৈ আহ্বান জনাই অন্যথা  ইয়াতকৈও জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিয়ে।

উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ সময়ত এখন ৰোড শ্ব' ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ ডেৰ মাহৰ পাছত শিৱসাগৰৰ সকলো বাট পথ নিৰ্মাণ কৰা হ’ব বুলি, কিন্তু যোৱা এটা বছৰে আধাৰশিলা কৰা এই ব্যস্ততাপূৰ্ণ পথটোৰ মেৰামতি কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰা কাৰ্যক  ৰাইজে ধিক্কাৰ দিছে। হিমন্ত বিশ্ব শৰ্মাক এই পথটোৱেদি চাইকেল চলাবলৈ আহিবলৈও স্থানীয় ৰাইজে নিমন্ত্ৰণ জনাইছে।

Your Comments