আজিৰে পৰা নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ ৩৩ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন

nagao

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :

অসম ব্ৰাহ্মণ সমাজৰ অন্তৰ্ভূক্ত নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ ৩৩ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনখনি ৩ আৰু ৪ আগষ্টত নগাঁও চহৰত অনুষ্ঠিত হ'ব । নগাঁও নগৰ আঞ্চলিক ব্ৰাহ্মণ সমাজৰ মহিলা মঞ্চ আৰু যাজক সমাজৰ ব্যৱস্থাপনাত আয়োজিত অধিবেশনৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে উদযাপন সমিতিয়ে । নগাঁৱৰ আমোলাপট্টি নাট্য মন্দিৰত অনুষ্ঠিতব্য অধিবেশনৰ কাৰ্যসূচী অনুসৰি ৩ আগষ্টত পুৱা লঘু আহাৰ গ্ৰহণ,মহিলা প্ৰতিনিধি সভা, মধ্যাহ্ন ভোজনৰ অন্তত বিষয় বাচনি সভা হ'ব । সন্ধ্যা বন্তি প্ৰজ্বলন । ৪ আগষ্টত পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণ,লঘু আহাৰ গ্ৰহণৰ অন্তত মুকলি অধিবেশন আৰম্ভ হ'ব । সভাখনিৰ উদ্বোধন কৰিব নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । অধিবেশনত বিশিষ্ট অতিথি ৰূপে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা উপস্থিত থাকিব । এই অধিবেশনতে স্মৃতিগ্ৰন্থ "ব্ৰহ্মজ্যোতি" উন্মোচন কৰাৰ লগতে ব্ৰাহ্মণ সমাজলৈ চাৰিগৰাকী সন্মানীয় ব্ৰাহ্মণ গুৰুক সম্বৰ্ধনা জনোৱা হ'ব জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মা আৰু সম্পাদক নৰেন্দ্ৰ নাথ শৰ্মাই জনাইছে । লগতে জিলা অধিবেশনৰ বাবে প্ৰতিখন আঞ্চলিকৰ পৰা ২০ গৰাকী সদস্য/সদস্যাক উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে ।

Your Comments