বঙাইগাঁৱত মহিলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ১ লাখ ৬০ হাজাৰ টকা

bgn

বঙাইগাঁওঃ 

বঙাইগাঁও চহৰত আজি মটৰ চাইকেলত অহা দুজনীয়া দুৰ্বৃত্তই এগৰাকী মহিলাৰ পৰা ১ লাখ ৬০ হাজাৰ টকাসহ বেগ এখন কাঢ়ি লৈ যায় ৷ জানিব পৰা মতে বঙাইগাঁও চহৰৰ ১১ নম্বৰ ৱাৰ্ডৰ বাবুপাৰাৰ মহামায়া কীৰ্তনীয়া নামৰ মহিলাগৰাকীয়ে আবেলি ৩ঃ৩০ মান বজাত চহৰখনৰ মায়াপুৰী তিনি আলিস্থিত ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁও শাখাৰ পৰা নগদ ১ লাখ ৬০ হাজাৰ টকা উলিয়াই নিজৰ লগত থকা ক'লা ৰঙৰ লেডিচ বেগত ভৰাই খোজ কাঢ়ি পথৰে ঘৰৰ ফালে গৈ থকা অৱস্থাত মহাৰাজা হোটেলৰ সন্মুখত পিচে পিচে এখন মটৰ চাইকেলত যোৱা দুই দুৰ্বৃত্তই মহিলাগৰাকীৰ বেগখন কাঢ়ি উধাও হয় ৷ বেগখনৰ ভিতৰত নগদ ধনখিনিৰ লগতে বেংকৰ পাচবুক, চেকবুক, দুটা মোবাইল ফোন আদিও আছিল ৷ পিছত ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে বঙাইগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে ৷

Your Comments