বঙাইগাঁৱত কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী শ্ৰম আইন সংশোধনী প্ৰস্তাৱ বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী

bgn

 বঙাইগাঁওঃ 

কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী শ্ৰম আইন সংশোধনী প্ৰস্তাৱ বাতিলৰ দাবীত আজি বঙাইগাঁও চহৰত শ্ৰমিক সংগঠনসূহৰ যৌথ মঞ্চই এক প্ৰতিবাদী সমদল উলিয়ায় ৷ বঙাইগাঁও চহৰৰ বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰৰ পৰা হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ উলিওৱা প্ৰতিবাদী সমদল চহৰৰ মায়াপুৰী তিনি আলি হৈ গান্ধীময়দানৰ সন্মুখেৰে আহি জিলা উপায়ুক্ত কাৰ্যালৰ সন্মুখত উপস্থিত হয় আৰু প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰাসকলে শ্ৰম আইনৰ সংশোধনী প্ৰস্তাৱ বাতিল কৰক, আম্বানী ,আদানীৰ দালাল বিজেপি চৰকাৰ হায় হায়, ৪৪ টা শ্ৰম আইনক ৪ টা শ্ৰম সংহিতালৈ সংশোধনী প্ৰস্তাৱ বাতিল কৰক, শ্ৰম সংহিতা বিধেয়ক বাতিল কৰক, শ্ৰমিকৰ স্বাৰ্থ বিৰোধী শ্ৰম সংহিতা বাতিল কৰক,পুঁজিপতিৰ স্বাৰ্থত শ্ৰম আইনৰ সংশোধনী প্ৰস্তাৱ বাতিল কৰক, পুঁজিপতিৰ হৈ কাম কৰা বিজেপি চৰকাৰ হুচিয়াৰ, ১৫,৪৪,৪৫ আৰু ৪৬ সংখ্যক ভাৰতীয় ত্ৰিপাক্ষিক শ্ৰম সন্মিলনৰ ন্যূনতম মজুৰি সূত্ৰ কাৰ্যকৰী কৰক আদি বিভিন্ন শ্লোগান দি গোটেই পথছোৱা উত্তাল কৰি তোলে ৷ কাৰ্যসূচীৰ অন্তত শ্ৰম আইন সংশোধনৰ প্ৰস্তাৱ বাতিলৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ ইপিনে প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা চি আই টি ইউ নেতা হৰেশ্বৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে আজি দেশৰ মহা দুৰ্দিন ৷bgn

সেয়ে ভাৰতৰ শ্ৰমজীৱি মানুহক এটা সকীয়নি দিয়াৰ কাৰণে এই প্ৰচণ্ড গৰমকো নেওচি আমি ৰাজ পথত নামিছো ৷ কাৰণ ১৩ টা প্ৰচলিত শ্ৰমিক আইনক একত্ৰিত কৰি এখন কোড ( সংহিতা) বিধেয়ক আনিছে আৰু লগতে স্বাস্থ্য সম্পৰ্কত, মজুৰী সম্পৰ্কত চাৰিখন কোড মিলি এখন কোড বিধেয়ক আনিব বিচাৰিছে ৷ তেওঁলোকে এই যি কোড বিধেয়ক আনিছে ইয়াৰ জৰিয়তে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে আওৰাই অহা সবকা সাথ সবকা বিকাশৰ যি শ্লোগান সেয়া কৰ্পৰেট গোষ্ঠীৰ স্বাৰ্থতহে কৈ অহা পৰিলক্ষিত হৈছে আৰু শ্ৰমিকৰ তথা শ্ৰমজীৱি মানুহ, সাধাৰণ মানুহৰ যিটো গণতান্ত্ৰিক অধিকাৰ তথা শ্ৰমৰ ওপৰত যিটো উপাৰ্জন সেই উপাৰ্জনক কুঠাৰঘাত কৰি আছে ৷ আনকি সাংবাদিকসকলক কাৰণেও এখন আইন আছে আৰু সেইখন হ'ল মজুৰী আইন ৷ এই মজুৰী আইনখনকো বিজেপি চৰকাৰে বিলোপ কৰিব বিচাৰিছে ৷ এতিয়া সৰ্বত্ৰে জনসাধাৰণক এই সম্পৰ্কে বুজাই দিয়াৰ দিয়াৰ প্ৰয়োজন, জনসাধাৰণক সচেতন কৰাৰ ৷ ইতিমধ্যে লোক সভাত এই বিধেয়কখন আনিছেই ৷ কেৱল ৰাজ্য সভাত আনিবলৈ বাকী আছে ৷ ৰাজ্য সভাত অনাৰ পিছত যদি ৰাষ্ট্ৰপতিয়ে অনুমোদ দিয়ে তেতিয়াহ'লে ভাৰতবৰ্ষত প্ৰমাণিত হ'ব যে মোডী নেতৃত্বাধীন বিজেপি চৰকাৰখন গৰীব মানুহ আৰু শ্ৰমজীৱি মানুহৰ চৰকাৰ নহয় ৷ এইখন চৰকাৰ হ'ল পুঁজিপতিৰ চৰকাৰ, কৰ্পৰেটৰ চৰকাৰ ৷ গতিকে এই সকীয়নিটো দিয়াৰ কাৰণে আজি সৰ্বত্ৰে প্ৰয়োজন আৰু সকলোৱে একত্ৰিত হৈ ইয়াৰ প্ৰতিবাদ কৰিব লাগে ৷ সেয়ে আমি বিভিন্ন ট্ৰেড ইউনিয়নসমূহে সেই কামটোকে কৰিবলৈ ওলাইছো  বুলিও কয় ৷

Your Comments