জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আক্ৰাছুৰ প্ৰতিনিধিৰ আলোচনা,অচিৰেই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি মুখ্য মন্ত্ৰীৰ

press meet

 বঙাইগাঁওঃ 

কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক অচিৰেই জনজাতিকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কালি কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত অসম বিধান সভাৰ মুখ্যমন্ত্ৰীৰ সভা কক্ষত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এটা ৩৫ জনীয়া প্ৰতিনিধি দলৰ সৈতে হোৱা আলোচনাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ এই সন্দৰ্ভত আজি বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত সংগঠনটোৰ নেতৃত্বই এই কথা প্ৰকাশ কৰে ৷ আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়, সাধাৰণ সম্পাদক গোকুল বৰ্মন, মুখ্য উপদেষ্টা প্ৰদীপ ৰায়, সদৌ কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰবী সৰকাৰ আদি উপস্থিত থকা সংবাদ মেলত সংগঠনটোৰ নেতৃত্বই কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৯ চনৰ লোক সভা নিৰ্বাচনৰ আগমুহুৰ্তত আক্ৰাছুৰ এটা ৫০ জনীয়া প্ৰতিনিধি দলৰ সৈতে আলোচনাত মিলিত হৈ যদিহে কেন্দ্ৰত পুনৰ বিজেপি চৰকাৰ গঠন হয়, তেতিয়াহ'লে কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে অসমৰ ছয় জনগোষ্ঠীক অচিৰেই জনজাতিকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু সহায় সহযোগিতা বিচাৰিছিল ৷ সেই অনুসৰি কেন্দ্ৰত পুনৰ বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত বৃহস্পতিবাৰে অনুষ্ঠিত আলোচনাতো কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক অচিৰেই জনজাতিকৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে একেই প্ৰতিশ্ৰুতি তথা আশ্বস প্ৰদান কৰে ৷

aakrasu মন্ত্ৰীগোটৰ কেবিনেট উপ সমিতিৰ মুখ্য আহ্বায়ক চন্দন ব্ৰহ্মও উপস্থিত থকা আলোচনাত মুখ্যমন্ত্ৰীগৰাকীয়ে আক্ৰাছুৰ প্ৰতিনিধি দলটোক কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কখন যিহেতুকে ৰাজ্য সভাত উত্থাপন হৈছেই আৰু কেন্দ্ৰীয় চৰকাৰেও ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত থকা আসোঁৱাহসমূহ দূৰ কৰিবৰ বাবে পাঁচ জনীয়া মন্ত্ৰীগোটক লৈ এখন কেবিনেট উপ সমিতি গঠন কৰি দিছে ,সেয়ে কেবিনেট উপ সমিতিৰ কামখিনি শেষ হ'লেই সমিতিখনে তেঁওলোকৰ প্ৰতিবেদন দাখিল কৰিব ৷ ইতিমধ্যে কেবিনেট উপ সমিতিখনে কামখিনি নিয়াৰিকৈ কৰি আছে আৰু এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলিও প্ৰতিনিধি দলটোক অৱগত কৰে বুলি কয় ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিবেদন লাভ কৰাৰ পিছতে কেবিনেটত গৃহীত কৰি প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব বুলিও প্ৰতিনিধিদলটোক জানিবলৈ দিয়ে ৷ তেতিয়া আক্ৰাছুৰ নেতৃত্বই মুখ্যমন্ত্ৰীগৰাকীক কয় যে  ইয়াৰ পূৰ্বেও এইদৰে প্ৰতিশ্ৰুতি দিছিল যদিও পিছত প্ৰতিশ্ৰুতি পূৰণ নকৰিলে ৷ কেৱল আশ্বাস দি জনগোষ্ঠীটোক প্ৰতাৰণাহে কৰি অহা হৈছে ৷ কেৱল সময় অতিবাহিত হৈ গৈ আছে ৷ পিছত যেতিয়া নিৰ্বাচন আহে তেতিয়া ইয়াক নিৰ্বাচনী ইছ্যু বনায় ৷ বিষয়টো নিৰ্বাচনৰ ইছ্যু হ'ব নালাগে ৷ সেয়ে এইবাৰ জনগোষ্ঠীটোৰ যি জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী ,সেয়া অতি শীঘ্ৰে পূৰণ কৰিব লাগে বুলি মুখ্যমন্ত্ৰীগৰাকীক দাবী জনায় ৷ আলোচনাত আক্ৰাছুৰ প্ৰতিনিধি দলটোক মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ১৯৯৬ চনত যি দৰে ৰাষ্ট্ৰপতিৰ অধ্যাদেশ জাৰি কৰি জনগোষ্ঠীটোক জনজাতিকৰণ কৰাৰ পিছতো জনগোষ্ঠীটো পিছত জনজাতিকৰণৰ মৰ্যদাৰ পৰা বঞ্চিত হৈছিল ,সেইদৰে জনজাতিকৰণ কৰিব বিচৰা নাই ৷ আমি জনগোষ্ঠীটোক জনজাতিকৰণ কৰিম ৷ কিন্তু যাতে পিছত কোনো ধৰণৰ অসুবিধা আৰু  বাধা - বিঘিনিৰ সৃষ্টি নহয় তাৰ বাবে কেবিনেট উপ সমিতিয়ে সকলো দিশ পুংখানু পুংখভাৱে চালি- জাৰি চাই আছে আৰু এমাহৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নিশ্চিত বুলিও কোৱা বুলি আক্ৰাছুৰ নেতৃত্বই সংবাদ মেলত উল্লেখ কৰে ৷ আনহাতে আলোচনাত উপস্থিত থকা কেবিনেট উপ সমিতিৰ মুখ্য আহ্বায়ক মন্ত্ৰী চন্দন ব্ৰহ্মই আক্ৰাছুৰ প্ৰতিনিধি দলটোক কয় যে 'আপোনালোকৰ যি কাম তথা দায়িত্ব আমাক দিছে, সেয়া আমি প্ৰায় সম্পূৰ্ণ কৰিছো ৷ গতিকে চিন্তা কৰিব নালাগে ৷' মন্ত্ৰীগৰাকীয়ে লগতে কেবিনেট উপ সমিতিৰ অধ্যক্ষ তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও আলোচনা কৰি বিষয়টো নিশ্চিত হ'বলৈ আক্ৰাছুৰ প্ৰতিনিধি দলটোক আহ্বান জনায় ৷ পিছত বিয়লিৰ ভাগত আক্ৰাছুৰ প্ৰতিনিধি দলটোৱে কেবিনেট উপ সমিতিৰ অধ্যক্ষ ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাত অধ্যক্ষগৰাকীয়েও কেবিনেট উপ সমিতিৰ যিখিনি কাম সেই কামখিনি প্ৰায় সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়াৰ লগতে অতি সোনকালে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাটো নিশ্চিত বুলি প্ৰতিনিধি দলটোক অৱগত কৰা বুলি উল্লেখ কৰে ৷ কেৱল দুই - এটা সংগঠনক মাতি তেওঁলোকৰ মতামত গ্ৰহণ কৰিবলগীয়া আছে আৰু এই কামখিনি এমাহৰ ভিতৰত সম্পূৰ্ণ  কৰি প্ৰতিবেদনখন জমা দিয়াৰ পিছতে প্ৰক্ৰিয়াটো আগবাঢ়ি যাব বুলিও আক্ৰাছুৰ প্ৰতিনিধি দলটোক অৱগত কৰে মন্ত্ৰী শৰ্মাই ৷ আলোচনা কালত আক্ৰাছুৰ প্ৰতিনিধি দলটোৱে কেবিনেট উপ সমিতিৰ কাম কিমান আগবাঢ়িছে সেই বিষয়ে জনাৰ লগতে প্ৰক্ৰিয়াটো অধিক তৰাম্বিত বাবে কেবিনেট উপ সমিতিৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰাৰ বাবে অধ্যক্ষ ড° শৰ্মাক দাবী জনায় ৷ পিছত অধ্যক্ষগৰাকীয়ে অহা এসপ্তাহৰ ভিতৰত  আক্ৰাছুৰ প্ৰতিনিধিৰে পুনৰ আলোচনাত বহিব বুলি আশ্বাস প্ৰদান কৰে ৷ লগতে এই আলোচনাৰ পিছত যদি কিবা সন্দেহ থাকে, তেতিয়াহ'লে কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে আলোচনা অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিব বুলিও কোৱা বুলি কয় ৷ আলোচনা প্ৰক্ৰিয়াক আক্ৰাছুৰ নেতৃত্বই সন্তুষ্টি  প্ৰকাশ কৰে ৷ সংবাদ মেলত আক্ৰাছুৰ নেতৃত্বই লগতে কয় যে আলোচনাকালত  জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত যাতে আৰু কোনো কাৰণতে বিলম্ব কৰা নহয় তাৰ বাবে জনজাতিকৰণ বিচৰা দল- সংগঠনসমূহৰ আমন্ত্ৰণ কৰি তথা বিৰোধিতা কৰাসকলোৰ সৈতেও পুনৰ আলোচনা - বিলোচনা কৰি বিষয়টো সমাধান কৰিব লাগে ৷ কাৰণ আগন্তুক দিনত পুনৰ যাতে আমি আন্দোলন কৰিবলগীয়া নহয়,তাৰ বাবে আলোচনাকালত আমি মুখ্যমন্ত্ৰীগৰাকীক পূৰ্বৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰি বিষয়টো স্পষ্ট কৰি দিয়া বুলিও সংবাদমেলত উল্লেখ কৰে ৷ গতিকে চৰকাৰে যদি কথা দি কথা নাৰাখে, তেন্তে আক্ৰাছুৱে আগন্তুক দিনত সংগঠনৰ ৰণ কৌশল প্ৰস্তুত কৰি পৰৱৰ্তী কাৰ্যপন্থা হাতত ল'ব ৷ লগতে আলোচনা আৰু আন্দোলন সমান্তৰালকৈ আগুৱাই লৈ যাবলৈকো বাধ্য হ'ব ৷ বৰ্তমান ৰাজ্যখনৰ বানপানীৰ পৰিস্থিতিৰ বাবে আন্দোলনৰ ধাৰাটো সাময়িকভাৱে কিছু স্তিমিত কৰিছে যদিও আগষ্ট মাহৰ ভিতৰত যদি জনজাতিকৰণৰ ক্ষেত্ৰত কোনো বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আন্দোলনৰ কাৰ্যসূচী পূৰ্বতকৈ অধিক তীব্ৰতৰ কৰি তোলা হ'ব বুলিও সংগঠনটোৰ নেতৃত্বই সংবাদ মেলত কয় ৷ ইয়াৰ ফলত উদ্ভৱ হ'ব পৰা যি কোনো পৰিস্থিতিৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দায়ী হ'ব বুলিও সংবাদ মেলত আক্ৰাছুৰ নেতৃত্বই স্পষ্ট কৰি দিয়ে ৷ আলোচনা কালত আক্ৰছুৰ প্ৰতিনিধি দলটোৱে বৰ্তমান খালি হোৱা ৰাজ্য সভাৰ সাংসদৰ আসনখনত এগৰাকী কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক নিৰ্বাচিত কৰি পঠিয়াবলৈ দাবী জনোৱাৰ লগতে অসম বিধান সভাৰ ৭০ টা সমষ্টি কোচ ৰাজবংশী জনগোষ্ঠীৰ বাবে সংৰক্ষিত কৰিবলৈকো দাবী জনায় ৷ সংবাদ মেলত সংগঠনটোৰ সাংগঠনিক সম্পাদক কৈলাশ সিংহ, কাৰ্যালয় সম্পাদক শিৱানন বৰ্মন আদিও উপস্থিত থাকে ৷

Your Comments