দলগাঁৱৰ প্ৰতিবেদক :
অসম ৰাজ্যিক জীৱিকা অভিযানৰ দলগাঁও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত মহিলা আত্মসহায়ক গোটৰ সদস্যা মাজিদা বেগমৰ সৌৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ যোৱা ২৯ জুলাই তাৰিখে শুভ উদ্বোধন কৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা উন্নয়ন অভিযানৰ খণ্ড প্ৰকল্প প্ৰৱন্ধক লীনামণি শৰ্মাই।মহিলা আত্মসহায়ক গোটৰ প্ৰচেষ্টাত খাৰুপেটীয়া অঞ্চলত পোন প্ৰথমে ভাৰত চৰকাৰৰ এমএনআৰই আৰু আইআইটি, বম্বেৰ অধীনত সৌৰ চাকি নিৰ্মাণ-মেৰামতি আৰু ব্যৱসায়ৰ প্ৰশিক্ষণ লাভ কৰে।উল্লেখ্য যে আত্মসহায়ক গোটসমূহৰ প্ৰশিক্ষণপ্ৰাপ্ত মহিলাসকলে সৌৰ চাকি নিৰ্মাণ আৰু বিতৰণ কৰি ৰাজ্যত প্ৰায় সাত লাখ সৌৰ চাকি মাত্ৰ এশ টকাত বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰিবলৈ সক্ষম হৈছে।ভাৰত চৰকাৰৰ নব্য আৰু নৱীকৰণ শক্তি মন্ত্ৰালয়(এমএনআৰই)ৰ আৰ্থিক সাহায্যৰে পৰিচালিত উক্ত প্ৰকল্পৰ দ্বাৰাই গ্ৰামাঞ্চলৰ দুখীয়া মহিলাসকল বিশেষভাৱে উপকৃত হোৱা পৰিলক্ষিত হৈছে।উল্লেখ্য যে শুকুৰবাৰৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে আইআইটি, বম্বেৰ বিষয়ববীয়া, প্ৰকল্পটোৰ অন্যান্য কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজ।
- Log in to post comments
- 13 views