ৰাছিয়াত সুধাকণ্ঠৰ গীতৰ সংস্কৃত ৰূপান্তৰৰ আধাৰত  সত্ৰীয়া নৃত্য পৰিবেশন

nritya

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :

বিশ্ববিশ্ৰুত শিল্পী সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাক অহা ৮ আগষ্টত ভাৰত চৰকাৰে মৰণোত্তৰ ভাৱে প্ৰদান কৰিব ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন।ইয়াৰ পূৰ্ব ক্ষণত ডঃ ভূপেন হাজৰিকাৰ গীতৰ সংস্কৃত ৰূপৰ আধাৰত ৰাছিয়াৰ ইউৰেলচ,মস্কো আৰু য়াকাটেৰিনবাৰ্গত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি মহান শিল্পী গৰাকীলৈ সন্মান প্ৰদৰ্শন কৰে নগাঁৱৰ নৃত্য শিল্পী ইলোৰা বৰাই। ডঃ হাজৰিকাৰ 'সাগৰ সংগম'ত আৰু 'বিস্তীৰ্ণ পাৰৰে' গীত দুটাক শিল্পী ৰঞ্জন বেজবৰুৱাই কৰা সংস্কৃত ৰূপান্তৰৰ আধাৰত সত্ৰীয়া নৃত্য পৰিৱেশন কৰে শিল্পীগৰাকীয়ে।উল্লেখনীয় যে ৰাছিয়াৰ ছাৰ্বাছ শীৰ্ষক আন্ত:ৰাষ্ট্ৰীয় সাংস্কৃতিক বিনিময় অনুষ্ঠানত দক্ষিন এছিয় ভ্ৰাতৃত্ববোধক সংস্থা (চাউথ এছিয়ান ফেটাৰনিটি)ৰ তৰফৰ পৰা যোৱা অসমৰ নৃত্য শিল্পী গৰাকীৰ উপৰি ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি কেৰেলাৰ নৃত্য শিল্পী চিত্ৰা সুকুমাৰে অনুষ্ঠানটোত নৃত্যাংশত অংশগ্ৰহন কৰিছিল।কেৰেলাৰ নৃত্য শিল্পী গৰাকীয়ে মোহিনীআত্তম প্ৰদৰ্শন কৰিছিল।আন্ত:ৰাষ্ট্ৰীয় সাংস্কৃতিক সমন্বয় অনুষ্ঠানটোত স্পেইন,ইটালী,দক্ষিণ কোৰিয়া,ইজৰাইল,চুইদেন,আৰ্জেটিনা,পোলেণ্ডকে ধৰি ৯ খন দেশৰ নৃত্য শিল্পীয়ে অংশগ্ৰহণ কৰি সেই সেই দেশৰ ৰাষ্ট্ৰীয় নৃত্য প্ৰদৰ্শন কৰে।

nagao
এই অনুষ্ঠানটো যোৱা ১৯ জুলাইৰ পৰা ২৫ জুলাইলৈকে অনুষ্ঠিত হৈছিল।আন্ত:ৰাষ্ট্ৰীয় এই সাংস্কৃতিক বিনিময়মূলক অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ইতিমধ্যে নগাঁৱত আহি উপস্থিত হৈছেহি বিশিষ্ট নৃত্য শিল্পী গৰাকী।তাৎপৰ্যপূৰ্ণ যে ভাৰতৰ প্ৰাচীন ভাষা সংস্কৃতৰ সৈতে ৰুছ ভাষাৰ শব্দ সম্ভাৰৰ আৰু ধ্বনিতাত্বিক দিশত বহুখিনি সাদৃশ্য আছে।সেইবাবেই সংস্কৃতত পৰিবেশিত ডঃ ভূপেন হাজৰিকাৰ বিশ্বজননীন গীত আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সত্ৰীয়া নৃত্যশৈলীৰে  উপস্থাপিত নৃত্য দেখি সাংস্কৃতিক সমন্বয় অনুষ্ঠানটোত উপস্থিত থকা বিশ্বৰ ভিন্ন প্ৰান্তৰ ৰাইজ অভিভূত হৈ পৰা বুলি নৃত্য শিল্পী ইলোৰা বৰাই অবগত কৰে।বিশিষ্ট নৃত্য শিল্পী গৰাকীয়ে NewsASNক জনোৱামতে অনুষ্ঠানটোত তেওঁ ভাৰত নাট্যম, বিহু আৰু ৰুছ দেশীয় লোক নৃত্য সমূহতো অংশগ্ৰহন কৰিছিল।চেন্নাইস্থিত কলাক্ষেত্ৰৰ শিষ্যা ইলোৰা বৰা অসমৰ অন্যতম নৃত্য শিল্পী তথা নগাঁৱৰ কল্লোলত অৱস্থিত নৃত্য কলাক্ষেত্ৰৰ অধ্যক্ষা।অনুষ্ঠানটোৰ আয়োজক সংগঠন চাৰ্বাছএটা আন্ত:ৰাষ্ট্ৰীয় সংস্থা,যি অনুষ্ঠানে সাংস্কৃতিক আদান-প্ৰদানৰ মাজেৰে বিশ্বজুৰি শান্তি আৰু ভ্ৰাতৃত্ববোধৰ পৰিবেশ সৃষ্টি কৰাৰ বাবে চেষ্টা কৰি আহিছে। 
উল্লেখ্য যে শিল্পী ৰঞ্জন বেজবৰুৱাই সংস্কৃত ভাষালৈ ৰূপান্তৰ কৰি গোৱা শ্ৰীমন্ত শংকৰদেৱ,ডঃ ভূপেন হাজৰিকা,ৰবীন্দ্ৰ নাথ ঠাকুৰ,এ আৰ ৰহমান প্ৰমুখ্যে বৰেণ্যজনৰ ভাৰতীয় সংগীতে ইতিমধ্যে দেশৰ বাহিৰে ভিতৰে বিশেষ জনপ্ৰিয়তা লাভ কৰিছে।ৰুছ দেশৰ মাটিত সত্ৰীয়া বেশভূশা আৰু ভাৰতীয় সুৰে বিশ্ব সম্প্ৰদায়ক মুগ্ধ কৰে।অনুষ্ঠানটোত উপস্থিত থকা বিশ্বৰ ভিন্ন প্ৰান্তৰ শ্ৰোতা-দৰ্শকে ডঃ ভূপেন হাজৰিকাৰ গীতৰ সংস্কৃত ৰূপান্তৰ শুনি কৰা প্ৰশংসাসূচক মন্তব্যই  সুধাকণ্ঠ গৰাকীৰ সংগীতৰ বিশ্বজনীনতাক পুনৰবাৰ প্ৰমাণিত কৰে বুলিও নৃত্যশিল্পী গৰাকীয়ে অৱগত কৰে ।

Your Comments