
নিউজ ডেস্ক:
মহানগৰীৰ উৰুকা ৰেষ্টুৰেণ্টৰ এক ব্যতিক্ৰমী প্ৰয়াস। ৰেষ্টুৰেণ্টখনত পৰিচালিকা হিচাপে কোনো যুৱক বা যুৱতী নহয় বৰঞ্চ এটা যন্ত্ৰমানৱে(Robot) হে আপোনাক যোগান ধৰিব সকলো খাদ্যৰ। সম্পূৰ্ণ থলুৱা অসমীয়া খাদ্যসম্ভাৰ আৰু একমাত্ৰ মহিলা পৰিচালিকাৰে পৰিচালিত মহানগৰীৰ শিলপুখুৰীস্থিত উৰুকা ৰেষ্টুৰেণ্টে বিগত দুবছৰ ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকসকলক থলুৱা বিভিন্ন মুখৰোচক ব্যঞ্জনেৰে এক ব্যতিক্ৰমী ৰূপত পৰিৱেশন কৰি সন্তুষ্টি প্ৰদান কৰিবলৈ সক্ষম হোৱাৰ লগতে থলুৱা জলপান পৰিবেশন কৰিও গ্ৰাহকসকলৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিব পাৰিছে।
নৱ প্ৰজন্ম আৰু শিশুসকলক অসমীয়া খাদ্যৰ প্ৰতি আকৃষ্ট কৰিবলৈ ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰ এছ এন ফাৰিডে নিজে প্ৰস্তুত কৰি উলিয়াইছে এটি যন্ত্ৰমানৱ। 'পাল্কী' নামেৰে নামাংকিত প্ৰযুক্তি বিজ্ঞানৰ শ্ৰেষ্ঠতম আবিষ্কাৰ যন্ত্ৰমানৱ(Robot) ৰ দ্বাৰা উৰুকাৰ গ্ৰাহকসকলৰ সেৱা আগবঢ়োৱাৰ এক নতুন প্ৰচেষ্টা হাতত লৈ আজি যন্ত্ৰমানৱ পাল্কীৰ শুভাৰম্ভ কৰা হয়। শুভাৰম্ভ অনুষ্ঠানটিত উৰুকাৰ স্বত্বাধিকাৰ এছ এন ফাৰিডে কয়, আজিৰ নৱ প্ৰজন্মৰ থলুৱা খাদ্যৰ প্ৰতি অনীহা দেখা পোৱা যায়। নতুন প্ৰজন্ম বা শিশুসকলক যদি এই যন্ত্ৰমানৱ পাল্কীয়ে আকৰ্ষণ কৰিব পাৰে তেতিয়া হয়তো তেওঁলোকে আমাৰ থলুৱা খাদ্যসমূহো ভাল পাব। এই যন্ত্ৰমানৱটো নিৰ্মাণ কৰোতে প্ৰায় দুই লাখ টকা ব্যয় হোৱাৰ লগতে তেওঁ নিজে এইটো বনাইছে বুলিও জনায়। ৰেষ্টুৰেণ্টেখনত বৰ্তমান এটাহে যন্ত্ৰমানৱ আছে যদিও অতি সোনকালে আৰু তিনি-চাৰিটা যন্ত্ৰমানৱ অনা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। যন্ত্ৰমানৱ পাল্কীক সম্পূৰ্ণ সত্ৰীয়া নৃত্যৰ সাজ পৰিধান কৰোৱা হৈছে। আৰু আহিবলগীয়া আন যন্ত্ৰমানৱ সমূহকো সম্পূৰ্ণ অসমীয়া পৰম্পৰাগত সাজ পৰিধান কৰোৱা হ'ব বুলিও উৰুকাৰ স্বত্বাধিকাৰ এছ এন ফাৰিডে মন্তব্য কৰে।
- Log in to post comments
- 18 views