
নিউজ ডেস্ক:
কে চি দাস কমাৰ্চ কলেজৰ মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ দোষীক আজি শাস্তি ঘোষণা কৰা নহ’ল ।কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত ইতিমধ্যে দোষী সাব্যস্ত হোৱা তিনি অপৰাধীৰ আজি শাস্তি ঘোষণা কৰাৰ কথা আছিল যদিও শেষ মুহূৰ্তত আজি আদালতে স্থগিত ৰাখিলে শাস্তিৰ ৰায়দান। আদালতে জানিবলৈ দিয়া অনুসৰি অহা ৩ আগষ্টতহে দোষী সাব্যস্ত হোৱা তিনি অপৰাধীৰ শাস্তি ঘোষণা কৰিব।
উল্লেখ্য যে ইতিমধ্যে যোৱা মংগলবাৰে ঘটনাৰে মূল অভিযুক্ত শ্বেতাৰ আগৰৱালাৰ ভণ্ড প্রেমিক গোবিন্দ সিংঘালসহ মাতৃ কমলা দেৱী আৰু জ্যেষ্ঠ ভগ্নী ভৱানী সিংঘালক আদালতে দোষী সাব্যস্ত কৰিছিল। তাৰ পাছতে আদালতে তিনি দোষীক শাস্তি ঘোষণা কৰিব বুলি ঘোষণা কৰিছিল। যোৱা ২০১৭ বর্ষৰ ৪ ডিচেম্বৰত ভণ্ড প্রেমিক গোবিন্দ ছিংঘালে নিজ ভাড়াঘৰত হত্যা কৰিছিল কে চি দাস কমাৰ্চ কলেজৰ বি-কমৰ পঞ্চম ষাণ্মাসিকৰ মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালাক। উল্লেখ্য যে ২০১৫ বর্ষত মেধাৱী ছাত্ৰীগৰাকীয়ে বাণিজ্যিক শাখাত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল।
- Log in to post comments
- 8 views