জামুগুৰিহাটৰ পাতলৰচুক গাঁৱত শ্ৰীকৃষ্ণৰ ২৬৪ বছৰীয়া জন্মযাত্ৰা আৰু বোকাখেচা ভাওঁনাৰ প্ৰস্তুতি 

jamuguri

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন : 

শোণিতপুৰ জিলাৰ নদুৱাৰ অঞ্চলৰ ঐতিহ্যমণ্ডিত পাতলৰচুক গাৱঁত অহা ২৩ আৰু ২৪ আগষ্টত অনুষ্ঠিত হ'ব ২৬৪ বছৰীয়া শ্ৰীকৃষ্ণ জন্মযাত্ৰা আৰু বোকাখেচা ভাওঁনা ৷ এই উপলক্ষে কালি শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ  পাতলৰচুক শাখাই পাতলৰচুক গাঁৱৰ নামঘৰত গোপাল আতাদেৱৰ ৰচিত শ্ৰী কৃষ্ণ জন্মযাত্ৰা নাট ভাগ ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে পাতনি মেলে ৷ নিশা নাটৰ পাতনি মেলা  অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ পাতলৰচুক শাখাৰ সভাপতি তুলসী ভূঞাঁ, সম্পাদক প্ৰধান ৰামেশ্বৰ কটকী, গায়ন হেম বৰুৱা, বায়ন দূলৰ্ভ বৰা, নামাচাৰ্য্য তুলেশ্বৰ ভূঞাঁ, গায়ন বৰা বুলেন ভূঞাঁ আৰু পূৰ্ণ শইকীয়া, মূখ্য সুত্ৰধাৰ কৌশিক ভূঞাঁ প্ৰমুখ্যেকৰি শাখাৰ সমুহ সদস্য তথা ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে ৷ উল্লেখ্যযে নদুৱাৰৰ অন্তৰ্গত জামুগুৰিহাটৰ ১৫নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ পৰা এক কিলোমিটাৰ পশ্চিমে অৱস্থিত পাতলৰচুক গাওঁ খনত ভাওঁনা উদযাপনৰ এই নিৰ্দ্দিষ্ট দিনটোত ভক্তৰ লানি নিছিগা সোঁতবয় ৷ ভক্তপ্ৰাণ ৰাইজৰ বিশ্বাস এই নিদিষ্ট দিনটোত এই ভাওঁনাস্থলীত শৰাই শলিতা আগবঢ়ালে পৰিয়ালৰ সকলো অপায় -অমঙ্গল দূৰ হয় ৷ বৃহত্তৰ নদুৱাৰৰ পাচঁশৰো অধিক গাওঁৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্ত প্ৰাণ ৰাইজৰ আগমনঘটে পাতলৰচুক গাওঁলৈ ৷jamuguri

ভাওঁনাৰ  দিনা শ, শ শৰাই,শলিতা আগবঢ়াই ভাওঁনা ক্ষেত্ৰত ভগৱানৰ আৰ্শীবাদ লবলৈ সমাগমহোৱা ভক্তক শৃংখলাবদ্ধ ভাৱে সকলো সেৱা শুশ্ৰূষা আগবঢ়াবলৈ গাওঁবাসী যুৱক যুৱতী, আই-মাতৃ বয়োবৃদ্ধ প্ৰতিজনেই নিজ নিজ দ্বায়িত্ব কৰ্তব্য পালনকৰি যোৱা দৃশ্য সচাঁয় মনোমোহা। ভাওঁনাৰ সন্ধিয়া নামঘৰৰ চৌদিশে ভক্তপ্ৰাণ ৰাইজে কলগছ পুতি শ, শ চাকি, বন্তি, শলিতা জ্বলাই পৰিয়ালৰ মঙ্গল কামনাৰ্থে হৃদয় উজাৰি প্ৰাৰ্থনা কৰা দৃশ্য অতি আকৰ্ষণীয়৷ প্ৰৱাদ আছে বছৰৰ আন দিনটোত বৃষ্টিপাত নহলেও এই নিদিষ্ট ভাওঁনাৰ নিশা ক্ষন্তেক সময়ৰ কাৰণে হলেও বৰষুণ অহাটো নিশ্চিত ৷ এই ভাওঁনাৰ মূল আকৰ্ষণ হ'ল বসুদেৱ দৈব্যকীক কংসই পোতাশালত বন্দী কৰি থোৱা আৰু বসুদেৱ দৈব্যকীৰ জন্ম পোৱা সাত সন্তান কংসই হত্যা কৰা আৰু অষ্টম পুত্ৰ শ্ৰীকৃষ্ণৰ জন্মৰ সময়ত ডবা, কাহঁ, শঙ্খৰ লগতে দৰ্শক ৰাইজৰ হৰিধ্বনিৰ দৃশ্য ৷ গাওঁবাসী ৰাইজে কয় এই ভাওঁনা অনুষ্ঠিত নকৰিলে গাওঁখনত বিভিন্ন অপায় অমঙ্গলে দেখা দিয়াৰ লগতে বৃহৎ গাওঁখনৰ দুইমূৰে থকা আহঁত গছ দুজোপাত দুপৰ নিশা জমদাকিনী চৰায়ে মাত দিয়ে ৷ এই ভাওঁনাৰ আন এক আকৰ্ষন হ'ল বোকাখেচা ৷ প্ৰকীতি ৰূপত পিচদিনা অনুষ্ঠিত কৰা এই বোকাখেচা ভাওঁনা হ'ল কৃষ্ণৰ জন্মৰ পাচত নন্দৰ ঘৰলৈ ভগৱান কৃষ্ণক চাবলৈ আনন্দ ফুৰ্টিৰে যাওঁতে গোটেই পথ বোকা হৈ পৰা ৷ গাওঁবাসী ৰাইজে হৰিনাম গাই, গাই বোকা খেচে আৰু ভক্তপ্ৰাণ ৰাইজে এই বোকা কপালত লৈ ঘৰমুৱা হয় ৷ দূৰ-দূৰণিৰ পৰা অহা লোকে এই বোকা পৰিয়ালৰ আন আন সদস্যৰ বাৱে সযতনে লৈ যায় ৷ ৰাইজৰ বিশ্বাস এই বোকা শিৰত ললে অপায়-অমঙ্গল দূৰ হোৱাৰ লগতে মনোবাঞ্চা পূৰণ হয় ৷ ভাওঁনাৰ এই বিশেষ দিনটোত গাওঁবাসী ৰাইজে অঞ্চলটোৰ প্ৰয়াত ব্যক্তিত্ব সৎৰাম কাকতী, ভকৌ কাকতী, দয়াৰাম কাকতী, ভূষন কলিতা, বুদুৰাম বৰুৱা, লীলাকান্ত শৰ্মা, চেঙেলী বৰুৱা, আহিনা বৰুৱা, ভোলাই বৰা, দোলন বৰুৱা, দুষ্ট বৰুৱা, চাকিৰাম ভূঞাঁ, পোৱাল ভূঞাঁ, দণ্ডিৰাম ভূঞাঁ, মহাদেৱ কটকী, মিনাৰাম শইকীয়া, দোলন বৰাকে ধৰি বিভিন্ন জনক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷

Your Comments