মহানগৰীত আৰক্ষীৰ জিম্মাৰ পৰা পুনৰ অপৰাধীৰ পলায়ন

police

নিউজ ডেস্ক:

গুৱাহাটীত সংঘটিত হৈছে আৰক্ষীক লজ্জাৱনত কৰা দূৰ্ভাগ্যজনক ঘটনা। স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়া হত্যাকাণ্ডত অভিযুক্ত অপৰাধীয়ে পলায়ন কৰে গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীৰ জিম্মাৰ পৰা। প্ৰাপ্ত খবৰ অনুসৰি মহানগৰীৰ হাতীগাওঁ থানাৰ এলেকাধীন অনুপ নগৰৰ পৰা মঙলবাৰে পত্নী হত্যাৰ অভিযোগত হাতীগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জুবেল খান নামৰ এটা অভিযুক্তক। গ্ৰেপ্তাৰ কৰাৰ পিছতে অভিযুক্ত খানক স্বাস্থ্য পৰীক্ষাৰ কৰাৰ বাবে মঙলবাৰে আবেলি হাতীগাওঁ আৰক্ষীয়ে পাণবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে আনিছিল। স্বাস্থ্য পৰীক্ষা কৰি উভতাৰ পথত আৰক্ষীৰ গাড়ীৰ পৰা অভিযুক্ত খানে পলায়ন কৰে। ঘটনাৰ পিছতে আৰক্ষীয়ে পলায়ন কৰা অপৰাধীক পুনৰ গ্ৰেপ্তাৰ কৰাৰ বাবে মহানগৰীত অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

উল্লেখযোগ্য যে গুৱাহাটীত আৰক্ষীৰ জিম্মাৰ পৰা অপৰাধী পলায়ন কৰাৰ ঘটনাৰ এয়াই প্ৰথম নহয়। মাত্ৰ এমাহৰ পূৰ্বে মহানগৰীৰ লতাশিল আৰক্ষীৰ জিম্মাৰ পৰা উগ্ৰতাৰা দেৱালয়ৰ বিগ্ৰহ চুৰিত জড়িত এটা অভিযুক্তয়ো পলায়ন কৰিছিল।

লক্ষণীয় যে দুগৰাকীকৈ পত্নী থকা পলায়ন কৰা অভিযুক্ত জুবেল খানৰ বিৰুদ্ধে পূৰ্বেও আছিল হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগ।

Your Comments